অলিম্পিয়া প্ৰতিবেদন
আজি দিনটো হ’ব পাৰে অসমৰ ক্রীড়াক্ষেত্ৰৰ বাবে এক ঐতিহাসিক দিন। ধিং এক্সপ্ৰেছ হিমাৰ নামত পুনৰবাৰ অসমবাসীয়ে গৌৰৱ কৰাৰ সুযোগ লাভ কৰিব পাৰে আজিৰ দিনটোতেই।আজিৰ দিনটোতেই অলিম্পিকৰ ভাগ্য নিৰ্ণয় হ’ব পাৰে স্বৰ্ণকন্যা হিমাৰ।
পঞ্জাৱৰ পাতিয়ালাস্থিত এন আই এছ প্ৰশিক্ষণ কেন্দ্ৰত আজি অনুষ্ঠিত হ’বলগীয়া ১০০ মি ৰেচত ভাগ ল’ব দেশৰ শীৰ্ষস্থানীয় দৌৰবিদগৰাকীয়ে। উল্লেখনীয় কথাটো হ’ল বহু প্ৰতীক্ষিত এই ৰেচত হিমা মুখামুখি হ’ব দেশৰ আন এগৰাকী তাৰকা স্প্ৰিন্টাৰ দুতি চান্দৰে।
হিমাই ১০০ মিটাৰৰ লগতে ২০০ মিটাৰ শাখাতো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ১০০ মিটাৰত অলিম্পিক কোৱালিফিকেচনৰ সময়সীমা ১১.১৫ চেকেণ্ড নিৰ্ধাৰণ কৰা হৈছে। তাৰ বিপৰীতে ২০০ মিটাৰত অলিম্পিকৰ সময়সীমা ২২.৮০। হিমাই ইয়াৰ পূৰ্বে ইণ্ডিয়ান গ্ৰা প্ৰিত ২০০ মিটাৰ সম্পূৰ্ণ কৰিবলৈ সময় লৈছিল ২৩.৩১ চেকেণ্ড। কিন্তু অলিম্পিকৰ বাবে নিৰ্ধাৰিত সময়সীমা আছিল ২২.৮০ চেকেণ্ড। সেই দৃষ্টিৰে হিমা ট্ৰেকত আৰু অধিক বেগী হোৱাৰ প্ৰয়োজন হ’ব।
পিঠিৰ আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ৪০০ মিটাৰৰ পৰা আঁতৰি থকা হিমাই এতিয়া ১০০ মিটাৰ আৰু ২০০ মিটাৰত কেনে প্ৰদৰ্শন আগবঢ়াই সেয়া লক্ষণীয় হব।