Monday, October 3, 2022
HomeNewsবাদ্যযন্ত্ৰীৰ লগত হিমাই জুবিনৰ গান গাই, ছবি আঁকি পাৰ কৰিছে সময়

বাদ্যযন্ত্ৰীৰ লগত হিমাই জুবিনৰ গান গাই, ছবি আঁকি পাৰ কৰিছে সময়

olympiasports.in

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চৰ পৰা সম্পূৰ্ণ ২৪ দিন সমগ্ৰ দেশ লকড‌আ‌উন ঘোষণা কৰিছে।

এই ২৪ দিন সকলোকে নিজৰ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অনুৰোধ জনাইছিল। প্ৰধানমন্ত্ৰীৰ এই অনুৰোধৰ প্ৰতি সহাৰি জনাই ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমা দাসেও নিজৰ ট্ৰেক সলনি কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বনৰ প্ৰতি সহাৰি জনাই হিম এতিয়া ঘৰৰ ভিতৰতে আছে। এই বন্ধৰ সময়চোৱাত হিমাই বাৰু কি কৰিছে?

বৰ্তমান হিমা ব্যস্ত সংগীত চৰ্চাত। হয়, খেল পথাৰৰ পৰা চিধাই ষ্টুডিঅ’ পালেগৈ হিমা। হিমাই ষ্টুডিঅ’ বাদ্যযন্ত্ৰৰ সৈতে সুন্দৰকৈ গাইছে জুবিন গাৰ্গৰ এটি জনপ্ৰিয় গীত। হিমাই ‘কাৰ পৰশ, কাৰ উশাহ আৰু কাৰ সুবাস’ শীৰ্ষক গীতটো গাইথকা চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰিছে ৰাহুল ট্ৰেহানে। ট্ৰেহানে লগতে লিখিছে ‘যুৱ প্ৰতিভা হিমাৰ এই ভিডিঅ’টো উপভোগ কৰক আৰু সুৰক্ষিত থাকক।‘

আনহাতে হিমাই নিজৰ ফেচবুক পে’জৰ জৰিয়তে এক ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত হিমাক ছবি আঁকি থকা দেখিবলৈ পোৱা গৈছে।

https://www.facebook.com/2150509168526436/posts/2550259888551360/?app=fbl
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments