Sunday, October 2, 2022
HomeNewsহকী ইণ্ডিয়াৰ সভাপতিৰ নগাঁৱৰ মিছাৰ হকী একাডেমীৰ ষ্টেডিয়াম পৰিদৰ্শন

হকী ইণ্ডিয়াৰ সভাপতিৰ নগাঁৱৰ মিছাৰ হকী একাডেমীৰ ষ্টেডিয়াম পৰিদৰ্শন

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

হকী ইণ্ডিয়াৰ সভাপতি জ্ঞানেন্দ্ৰ নিগমবামে মঙলবাৰে নগাঁৱৰ মিছা হকী একাডেমীৰ খেলপথাৰত উপস্থিত হৈ খেলুৱৈসকলৰ অনুশীলন পৰিদৰ্শন কৰে। হকী একাডেমী পৰিদৰ্শনৰ সময়ত অসম হকীৰ সম্পাদক তপন কুমাৰ দাস আৰু নগাঁও লায়নছ ক্লাবৰ বিষয়ববীয়া এছ এছ শেঠীয়ে তেওঁক সংগ দিয়ে । ইপিনে সমাজ সংগঠক জগত মেধিয়ে আঁত ধৰা এক অনুষ্ঠানত অসম হকী আৰু কলিয়াবৰ হকীৰ তৰফৰ পৰা হকী ইণ্ডিয়াৰ সভাপতিগৰাকীক মিছাত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । হকী ইণ্ডিয়াৰ সভাপতিগৰাকীয়ে মিছাত অনুশীলনৰত প্ৰতিভাবান হকী খেলুৱৈসকলৰ সৈতে মুকলি মত-বিনিময়েৰে তেওঁলোকক উৎসাহিত কৰিবলৈ গঠনমূলক ভাষণ আগঢ়োৱাৰ লগতে তেওঁলোকক হকী ষ্টিকো প্ৰদান কৰে । হকী ইণ্ডিয়াৰ সভাপতি জ্ঞানেন্দ্ৰ নিগমবামে মিছালৈ যোৱাৰ সময়ত জিলাখনৰ আমনিৰ প্ৰস্তাৱিত হকী ষ্টেডিয়ামটোও পৰিদৰ্শন কৰে আৰু অসম হকীৰ সভাপতি কেশৱ মহন্তই হকী খেলৰ উন্নয়নৰ দিশত লোৱা ভূমিকাৰ প্ৰশংসা কৰা বুলিও জানিৱ পৰা গৈছে । উল্লেখ্য যে,হকী ইণ্ডিয়াৰ সভাপতিগৰাকী আৰু অসম হকীৰ সভাপতি কেশৱ মহন্তৰ বিশেষ পদক্ষেপত আগন্তুক সময়ত অসমত শীঘ্ৰে এক পূৰ্ণাংগ হকী একাডেমী গঢ়ি উঠিব বুলি ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments