Tuesday, October 4, 2022
HomeNewsপ্ৰশিক্ষকৰ পাঠ্যক্ৰমৰ বাবে আবেদন বিচাৰিছে হকী ইণ্ডিয়াই

প্ৰশিক্ষকৰ পাঠ্যক্ৰমৰ বাবে আবেদন বিচাৰিছে হকী ইণ্ডিয়াই

অলিম্পিয়া প্ৰতিবেদন

হকী ইণ্ডিয়াই লেভেল ১ আৰু লেভেল ২ ৰ প্ৰশিক্ষকৰ পাঠ্যক্ৰমৰ বাবে আগ্ৰহী প্ৰশিক্ষকৰ পৰা আবেদন বিচাৰিছে । ইয়াৰে লেভেল ১ পাঠ্যক্ৰম অহা ৫ -১২ মাৰ্চত নতুন দিল্লী বা ভুৱনেশ্বৰত অনুষ্ঠিত হ’ব আৰু ইয়াত আসনৰ সংখ্যা হ’ব ১০০ । ইফালে লেভেল ২ প্ৰশিক্ষকৰ পাঠ্যক্ৰম অহা ২৭-৩১ মাৰ্চত ভূৱনেশ্বৰত অনুষ্ঠিত হ’ব আৰু ইয়াত আসনৰ সংখ্যা হব ৬০ । লেভেল ১ পাঠ্যক্ৰমত ৪ টা বেটচ্ থাকিব । প্ৰথম বেটচটো ৫-৬ মাৰ্চত , ২য় বেটচটো ৭-৮ মাৰ্চত, ৩য় বেটচটো ৯-১০ মাৰ্চত আৰু ৪ৰ্থ বেটচটো ১১-১২ মাৰ্চত অনুষ্ঠিত হ’ব । সীমিত সংখ্যক আসনৰ বাবে লেভেল ২ পাঠ্যক্ৰম দুটা বেটচত হ’ব। ইয়াৰে প্ৰথম বেটচটো ২৭-২৮ মাৰ্চত আৰু দ্বিতীয় বেট্চটো ২৯-৩০ মাৰ্চত অনুষ্ঠিত হ’ব । ইচ্ছুক প্ৰাৰ্থীয়ে অহা ২৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাৰ ভিতৰত আবেদন কৰিব লাগিব । আবেদনকাৰীয়ে হকী ইণ্ডিয়াই আয়োজন কৰা প্ৰশিক্ষকৰ পাথৱে লেভেল বেচিক প্ৰশিক্ষক পাঠ্যক্ৰমত সফলতাৰে উত্তীৰ্ণ হোৱা হ’ব লাগিব । আগ্ৰহীসকলে হকী ইণ্ডিয়াৰ ৱেবচাইট যোগে সবিশেষ জানিব পাৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments