Tuesday, October 4, 2022
HomeNewsক্ৰিকেটাৰ হোৱাৰ সপোন দেখা ইৰফান খানে ক্ৰিকেট বাদ দি কিয় অভিনয় জগতত...

ক্ৰিকেটাৰ হোৱাৰ সপোন দেখা ইৰফান খানে ক্ৰিকেট বাদ দি কিয় অভিনয় জগতত ভৰি দিছিল!

olympiasports.in

মই এজন ক্ৰিকেটাৰ হোৱাৰ আশা পুহি ৰাখিছিলোঁ। ক্ৰিকেটক কেৰিয়াৰ হিচাবে লোৱাৰ মন বান্ধিছিলোঁ। মই এজন অল ৰাউণ্ডাৰ আছিলোঁ।

অলিম্পিয়া বাৰ্তা

দেশৰ এজন স্বনামধন্য অভিনেতা ইৰফান খানৰ মৃত্যুত সমগ্ৰ দেশ আজিও ম্ৰিয়মান।প্রিয় অভিনেতাজনৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল আজিও ব্যথিত। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত ভুগি অৱশেষত কালি শেষ নিশ্বাস ত্যাগ কৰা অভিনেতা গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৩ বছৰ। সকলোকে অপূৰ্ব অভিনয় শৈলীৰে মন্ত্ৰমুগ্ধ কৰি ৰখা অভিনেতাজনৰ ক্ৰিকেটপ্ৰীতিৰ কথা হয়টো বহুতেই নাজানে।

তেওঁৰ এজন শৈশৱৰ বন্ধুৱে সদৰী কৰা মতে ইৰফান খান আছিল এগৰাকী উচ্চ মানদণ্ডৰ অলৰাউণ্ডাৰ। অভিনেতাজনেও এবাৰ এটা সাক্ষাৎকাৰত উল্লেখ কৰিছিল তেওঁৰ ক্ৰিকেটাৰ হোৱাৰ সপোনৰ কথা। জয়পুৰত ডাঙৰ দীঘল হোৱা ইৰফানে কৈশোৰ কালটোৰ অধিক সময়ছোৱাই পাৰ কৰিছিল ক্ৰিকেট খেলিয়েই।

“সেয়া আছিল ১৯৮৪-৮৫ চন মানৰ কথা। তেওঁ আমাৰ সৈতে একেলগে ইলেভেন ষ্টাৰ ক্ৰিকেট ক্লাবৰ সৈতে খেলিছিল।” তেওঁৰ বাল্যকালৰ বন্ধু ভাৰত ভটনাগৰে সদৰী কৰে এইদৰে।

” প্ৰতি আবেলি ৪:৩০- ৬:৩০ লৈ আমি জয়পুৰ আয়ুৰ্বেদিক কলেজত অনুশীলন কৰিছিলোঁ। ইৰফান তেওঁৰ সুভাষ শ্ব’কত থকা ঘৰত আছিল তেতিয়া। আমি দুয়োজন পেচ বলাৰ আছিলোঁ যদিও তেওঁ ওখ হোৱাৰ বাবে তেওঁৰ বলে বেছিকৈ বাউন্স কৰিছিল। সেই সময়ত জয়পুৰত মেট উইকেট থকা দুটাই ক্লাব আছিল। মোৰ মনত আছে তেনে উইকেটত তেওঁৰ বাউঞ্চাৰে বেটছমনক বিবুধিত পেলাইছিল।” ভাটনগৰে এনেদৰে কয় খেলুৱৈ ইৰফানৰ বিষয়ে।

” সেই সময়ত তেওঁৰ প্রিয় ক্ৰিকেটাৰ আছিল কপিল দেৱ আৰু গুণ্ডাপা বিশ্বনাথ। ইয়াৰ উপৰিও তেওঁ পাকিস্তানৰ ইমৰান খান আৰু জাহিৰ আব্বাছৰো ডাঙৰ অনুৰাগী আছিল। তেওঁ বিশেষকৈ বিশ্বনাথৰ ক্ৰীড়া শৈলীৰ প্ৰশংসা কৰিছিল। ” ভাটনগৰে লগতে কয় যে ইচ্ছা কৰা হ’লে ইৰফানে ক্রিকেটত নাম কৰিব পাৰিলেহেঁতেন। কিন্তু নিয়তিৰ ইচ্ছাত ক্ৰিকেট নহয়, লিখা আছিল অভিনয়হে।

ইপিনে ইৰফান খানে নিজেও এবাৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে কেনেকৈ ক্ৰিকেট বাদ দি তেওঁ অভিনয় জগতত ভৰি দিছিল। ” মই এজন ক্ৰিকেটাৰ হোৱাৰ আশা পুহি ৰাখিছিলোঁ। ক্ৰিকেটক কেৰিয়াৰ হিচাবে লোৱাৰ মন বান্ধিছিলোঁ। মই এজন অল ৰাউণ্ডাৰ আছিলোঁ। যদিও বেটিং কৰি বেছি ভাল পাইছিলোঁ দলৰ অধিনায়কে আকৌ মোৰ বলিংহে ভাল পাইছিল। সেয়ে তেওঁলোকে বলাৰেই কৰি পেলাইছিল মোক। ” এম এছ ধোনীৰ অনুৰাগীজনে এনেদৰেই স্মৰণ কৰে সেই সাক্ষাৎকাৰত।

মই আনকি চি কে নাইডু ট্ৰফীৰ বাবেও নিৰ্বাচিত হৈছিল।।কিন্তু সেইসময়ত জয়পুৰৰ পৰা আজমিৰ যাবলৈ মোৰ হাতত পৰ্যাপ্ত টকা নাছিল। মোৰ কোনো ধাৰণা নাছিল যে মই কাৰ ওচৰত হাত পাতিম? ‘ সেইদিনাই মই থিৰাং কৰিছিলোঁ যে মই ক্ৰিকেটক কেৰিয়াৰ হিচাবে ল’ব নোৱাৰো। পদ্মশ্ৰী বিজয়ী অভিনেতাজনে কয়।

অৱশ্যে ভৱামতে ক্ৰিকেটাৰ হ’ব নাপালেও সেই সিদ্ধান্তক লৈ পিছলৈ অনুসূচনা হোৱা নাছিল খ্যাতনামা অভিনেতাজনৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments