কেনেদৰে অলিম্পিকৰ বাবে সাজু হৈছে অসমৰ লাভলীনা?

অলিম্পিয়া প্ৰতিবেদন

সমুখত অলিম্পিক। মাজত জীৱনৰ চৰম আকাংক্ষিত মুহূৰ্ত এটালৈ ৰৈ থকাৰ উত্তেজনা। তাৰ মাজতে নিৰন্তৰ অনুশীলনত ব্যস্ত অসমৰ লাভলীনা। কোভিডক জয় কৰি উঠিছেহে সিদিনা। অচিন মহামাৰীৰ পিছত সমুখত এইবাৰ বিশ্বৰ শ্ৰেষ্ঠ বক্সাৰসকল। শ্ৰেষ্ঠত্বৰ যুজঁখনত হিয়া উজাৰি দিয়াৰ বাবেই সেয়ে লাভলীনা এতিয়া দিন-ৰাত অনুশীলনত ব্যস্ত। সম্প্ৰতি ভাৰতৰ তাৰকা বক্সাৰগৰাকীয়ে পুণেস্থিত আৰ্মী ইনষ্টিটিউট অৱ স্পৰ্টছৰ ট্ৰেইনিং কেম্পত প্ৰস্তুতি চলাই আছে আগন্তুক অলিম্পিকৰ বাবে।

পুণেৰ এই অনুশীলন শিবিৰ এইবাৰ লাভদায়ক হৈছে তাৰকা বক্সাৰগৰাকীৰ বাবে। কিয়নো সততে অনুশীলনৰ বাবে নিজৰ ওজনৰ মহিলা বক্সাৰ বিচাৰি হাবাথুৰি খোৱা লাভলীনাক এইবাৰ সহায়ৰ হাত আগবঢ়াইছে একে ওজনৰ পুৰুষ বক্সাৰে। মহিলাৰ ৬৯ কেজি ওজন শাখাত অংশগ্ৰহণ কৰিবলগীয়া লাভলীনাৰ বাবে বহু সময়ত অনুশীলন শিবিৰত নিজৰ ওজনৰ বক্সাৰ বিচাৰি পোৱাটো কঠিন হয়। এইবাৰ সেয়ে পুৰুষ বক্সাৰৰ সৈতে অনুশীলন কৰিবলৈ পাই বিশেষভাৱে উপকৃত হৈছে লাভলীনা। “শাৰীৰিক অথবা টেকনিকৰ দিশৰ পৰা পুৰুষ বক্সাৰসকলৰ সৈতে কৰা অনুশীলন সদায় কঠিন। তেওঁলোকৰ পাঞ্চবোৰো যথেষ্ট শক্তিশালী। এই কথাবোৰে মোৰ খেলৰ মান উন্নত কৰাত সহায় কৰিছে। তেওঁলোকৰ উচ্চতায়ো মোক ভৱিষ্যতে উচ্চতাসম্পন্ন খেলুৱৈৰ সৈতে যুজঁ দিয়াত সহায় কৰিব।” সংবাদ পত্ৰ দ্য হিন্দুক দিয়া এটা সাক্ষাৎকাৰত এইদৰে উল্লেখ কৰে অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে।

উল্লেখযোগ্য যে, বক্সাৰগৰাকীৰ অনুৰোধত বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই ট্ৰেইনিং কেম্পত তেওঁৰ ওজন শাখাৰ জুনিয়ৰ চেম্পিয়ন অৰুন্ধতী চৌধুৰীকো অন্তৰ্ভুক্ত কৰে। বক্সাৰগৰাকীয়ে জুনিয়ৰ চেম্পিয়ন অৰুন্ধতী চৌধুৰীৰ সৈতে অনুশীলনৰ সুবিধা লাভ কৰি সুখী হোৱা বুলিও উল্লেখ কৰে।

ইপিনে, প্ৰথমটো ঢৌৰ কৰোনাত আক্ৰান্ত হোৱা লাভলীনাই শেহতীয়াকৈ কোভিড ভেকচিন গ্ৰহণ কৰে। কোভিড ভেকচিন গ্ৰহণ কৰি তেওঁ কয় , ” ভেকচিন গ্ৰহণে মহামাৰীবিধক পৰাস্ত কৰাত আৰু অধিক সহায় কৰিব। ভেকচিন গ্ৰহণে মানসিক শক্তি প্ৰদান কৰিছে যদিও ইয়াৰ পিছতো আমি প্রয়োজনীয় সাৱধানতাখিনি ল’বই লাগিব।”

ভাৰতৰ তাৰকা বক্সাৰগৰাকীয়ে কৰোনাত আক্ৰান্ত হোৱাৰ বাবেই ইউৰোপ ভ্ৰমণৰ পৰা আঁতৰি থাকিবলগীয়া হয়। অৱশ্যে যোৱা মাৰ্চত তেওঁ স্পেইনত অনুষ্ঠিত বক্সাম ইভেণ্টত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। সম্প্ৰতি, অলিম্পিকৰ প্ৰাকক্ষণত বক্সাৰগৰাকীৰ সমুখত আছে এছিয়ান চেম্পিয়নশ্বিপ।

Leave a Reply

Your email address will not be published. Required fields are marked *