Tuesday, October 4, 2022
HomeNewsনিস্তব্ধ সৰুসজাই, নিজম নেহৰু ষ্টেডিয়াম: ক'ত, কিদৰে ব্যস্ত আছে অসমৰ প্ৰশিক্ষক, ক্ৰীড়া...

নিস্তব্ধ সৰুসজাই, নিজম নেহৰু ষ্টেডিয়াম: ক’ত, কিদৰে ব্যস্ত আছে অসমৰ প্ৰশিক্ষক, ক্ৰীড়া সংগঠকসকল!

সততে এজাক তৰুণৰ ক্ৰীড়া কুচকাৱাজত প্ৰাণময় হৈ থকা সৰুসজাই আজি নিজম, নিস্তব্ধ। নিতৌ পুৱা গধূলি এজাক ক্ৰীড়া প্ৰতিভাৰ কাকলিত উন্মুখ হৈ থকা সৰুসজাইত হয়টো আৰু কিছুদিন পাছত ডাক্তৰ নাৰ্চ তথা ৰোগীৰ ভিৰ বাঢ়ি আহিব। কৰ’না মহামাৰীৰ চিকিৎসা সেৱাৰ বাবে অস্থায়ীভাৱে এখন চিকিৎসালয় খোলা হৈছে। ইয়াত এতিয়া খেলাৰ পৰিৱেশ নাই। শিকাৰু, প্ৰশিক্ষক সকলো এতিয়া ঘৰত আৱদ্ধ। কেওঁফালে লকডাউনৰ এক গোমা পৰিৱেশ। ইফালে অসমৰ ক্ৰীড়াৰ মূল প্ৰাণকেন্দ্ৰ ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পতো এক শান্ত পৰিৱেশ। প্ৰতি গধূলি খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া সংগঠকৰে গিজগিজাই থকা ক্ৰীড়া প্ৰকল্পটোতএতিয়া এক নিমাউমাও পৰিৱেশ। বহুতৰ বাবে ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প অথবা নেহৰু ষ্টেডিয়াম ঘৰৰ দৰে। কিন্তু এতিয়া কোনোৱেই প্ৰৱেশ কৰিব পৰা নাই প্ৰকল্পৰ প্ৰাঙ্গনত। অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ লগত জড়িত বিভিন্নজনে এই সময়ছোৱাত কিদৰে তেওঁলোকৰ আজৰিৰ সময় অতিবাহিত কৰিছে অথবা কিদৰে তেওঁলোকৰ দায়িত্ব সমূহ ঘৰত থাকিয়েই পালন কৰিছে সেই বিষয়ে জানিবলৈ আমি কাষ চাপিছিলো অসমৰ বহুকেইজন ক্ৰীড়া সংগঠক তথা প্ৰশিক্ষকৰ। তেওঁলোকে তেওঁলোকৰ মনৰ ভাৱ অলিম্পিয়াক কিদৰে জনালে জানো আহকচোন।


অসমৰ এজন সফল প্ৰশিক্ষক নিপন দাস কৰ্মসূত্ৰে সৰুসজাইতে থাকে। বাকী দিনবোৰত নিপন দাসক দেখা যায় এথলেটিকছৰ ন ন প্ৰতিভাৱান খেলুৱৈসকলৰ সৈতে ব্যস্ত থকা।এই সময়ত সেই ব্যস্ততা নাই। সেয়ে ঘৰতে কিতাপ পঢ়ি কটাইছে নিপন দাসে। বৰ্তমান মোবাইলৰ জৰিয়তেই বহু শিক্ষাৰ্থীক প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়াইছে তেওঁ। তাৰোপৰি তেওঁ আশা কৰিছে অতি সোনকালেই দেশে তথা ৰাজ্যই এই আহুকালৰ পৰা মুক্তি পাব। পুনৰ সৰুসজাইৰ প্ৰাঙ্গন খেলুৱৈৰে ভৰি পৰিব।অসমৰ লনবলৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰটোও আছে সৰুসজাইতে। এতিয়া এই কেন্দ্ৰটোও নিজম পৰি ৰৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আহি লনবলৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকল ঘূৰি গৈছে নিজ নিজ ঘৰলৈ। লনবলৰ প্ৰশিক্ষক ৰূপটো গগৈয়েও ঘৰত সেয়ে কিতাপ, আলোচনী পঢ়ি সময় কটাইছে। লগতে নিতৌ পুৱা গধূলি অব্যাহত ৰাখিছে অনুশীলন।

লকডাউনৰ সময়চোৱাত ডিফুত থকা নিজা বাসগৃহত টিভি চাই সময় অতিবাহিত কৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ অতি চিনাকি মুখ বিষ্ণুৰাম নুনিছাই। ৰাজ্যৰ ক্ৰীড়া জগতৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ নেহেৰু ষ্টেডিয়ামত সকলো সময়তে, সকলো অনুষ্ঠানতে বিশেষভাৱে উপস্থিত থকা বিষ্ণুৰাম নুনিছা অবিহনে যেন বৰ্তমান সময়ত নিঠৰ হৈ থাকে নেহেৰু ষ্টেডিয়াম। কাৰণ নেহেৰু ষ্টেডিয়ামত থকা প্ৰতিটো ক্ৰীড়া সংস্থাৰ লগতে অনুশীলনলৈ অহা সকলোৰে অতি আপোন আৰু চিনাকি বিষ্ণুৰাম নুনিছা‌। লকডাউনৰ এই সময়চোৱাত ডিফুৰ নিজা বাসগৃহত পুৱা-গধূলি কিছু শাৰিৰীক অনুশীলন কৰাৰ উপৰি টিভি চোৱাৰ লগতে চচিয়েল মিডিয়াত ব্যস্ত হৈ আছে নুনিছা‌। অৱশ্যে সকলো সময়তে নেহেৰু ষ্টেডিয়ামখনে আমনি কৰি থাকে বুলি জানিবলৈ দি নুনিছাই কয় ক’ৰনা ভাইৰাছৰ আতংক সোনকালে লুপ্ত হ‌ওক, আকৌ খেলুৱৈৰ সমাগমেৰে প্ৰাণ পাই উঠক নেহেৰু ষ্টেডিয়াম।


নেহেৰু ষ্টেডিয়ামখনলৈ বাৰে বাৰে মনত পৰে যদিও প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানি চলিবলগীয়া হোৱাৰ বাবেই ষ্টেডিয়ামলৈ অহাৰ পৰা বিৰত আছে উচু এচ’চিয়েচনৰ সম্পাদক ৰঞ্জিত বড়ো। নেহেৰু ষ্টেডিয়ামত থকা বহু কেইটা ক্ৰীড়া সংস্থাৰ ভিতৰত অন্যতম উচু সংস্থা। সংস্থাৰ সভাপতি মুৰুলীধৰ চৌধুৰী, সম্পাদক ৰঞ্জিত বড়োকে প্ৰমুখ্য কৰি সকলো বিষয়ববিয়া সদায়েই গধূলি ষ্টেডিয়ামলৈ আহে‌। তদাৰক কৰে প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থীসকলক। লকডাউনৰ আগমুহূৰ্তত সংস্থাৰ কাৰ্যালয় মেৰামতি কৰিবলৈ আৰম্ভ কৰিছিল যদিও লকডাউনৰ বাবে সেয়খ আধাতে বন্ধ কৰিবলগীয়া হ’ল। নিজ গৃহতেই গৃহ কৰ্মত ব্যস্ত থকা ৰঞ্জিত বড়ো সদায়েই নেহৰু ষ্টেডিয়ামলৈ অহাটো নিয়মত পৰিণত হোৱাত এতিয়া কিছু অসুবিধাৰ সন্মুখীন হৈছে বুলিও আমাৰ আগত জানিবলৈ দিছে।


“নেহেৰু ষ্টেডিয়ামখন মোৰ দ্বিতীয় ঘৰ। এই ঘৰখনলৈ যাবলৈ নাপায় এতিয়া বৰ অসুবিধাৰ সন্মুখীন হৈছোঁ।”সৰুৰে পৰা ষ্টেডিয়ামখনৰ লগত এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে। এইদৰে ক’লে অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। শেহতীয়াকৈ অসমত পোন প্ৰথমবাৰৰ বাবে ৰোল বল চুপাৰ লীগ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা ৰোল বল সংস্থাৰ সম্পাদক বৰ্মনে প্ৰতিযোগিতাখন পিছুৱাই দিবলগীয়া হোৱাৰ বাবে আমাৰ আগত নিজৰ খেদ প্ৰকাশ কৰে। লকডাউন উঠাৰ পিছতেই পুনৰ ৰোল বল চুপাৰ লীগৰ সূচী ঘোষণা কৰা হ’ব বুলি বৰ্মনে জানিবলৈ দিয়ে‌। নিজৰ ঘৰৰ পৰাই প্ৰাই ৩০ জন প্ৰশিক্ষাৰ্থীসক বিভিন্ন দিহা পৰামৰ্শ দি ঘৰতেই অনুশীলনত ব্যস্ত কৰি ৰাখিবলৈও চেষ্টা কৰিছে ৰোল বল সংস্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে।

অসমৰ প্ৰখ্যাত ভলীবল প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতীয়ে এই দিনকেইটাত কটাইছে যোগাসন কৰি। সাঁতোৰৰো প্ৰশিক্ষক ভাগৱতীয়ে বৰ্তমান সাঁতোৰৰ বাবে প্ৰয়োজনীয় উশাহ ধৰি ৰখাৰ অনুশীলনত ব্যস্ত ৰাখিছে নিজকে।

অসমৰ সাঁতোৰক নতুন মাত্ৰা প্ৰদান কৰা এসময়ৰ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ ৰাজীৱ দে’ই বৰ্তমানে ঘৰত থাকিয়েই তেওঁৰ প্ৰশিক্ষাৰ্থীসকলক শাৰীৰিক অনুশীলনৰ বিভিন্ন উপদেশ হোৱাটচেপৰ জৰিয়তে প্ৰদান কৰি আছে। তেওঁ বিশেষকৈ প্ৰশিক্ষাৰ্থীসকলক কিদৰে কাৰডিঅ’ ভাচকুলাৰ আৰু মাচকুলাৰ চিষ্টেমক কাৰ্যক্ষম কৰি ৰাখিব পাৰি তাৰো জ্ঞান প্ৰদান কৰিছে হোৱাটচেপৰ জৰিয়তে।

পৰিয়ালৰ সকলো সদস্য সমৰকলাৰ লগত জৰিত হোৱাৰ বাবে নিজ পৰিয়ালৰ সদস্য সকলৰ লগতেই এতিয়া সমৰকলাৰ অনুশীলন কৰি সময় পাৰ কৰিছে টাং চু ডু অসমৰ মুখ্য প্ৰশিক্ষক মাষ্টৰ দেৱজিৎ গগৈয়ে। নিজৰ গৃহতেই টাং চু ডুৰ এক প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি লোৱা দেৱজিৎ গগৈয়ে তেওঁৰ পত্নী মাষ্টৰ বৰ্ণালী গগৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাং চু ডু খেলুৱৈ দুই পুত্ৰৰ লগত টাং চু ডুৰ অনুশীলন আৰু ক্ৰিকেট খেলি লকডাউনৰ দিন কেইটা পাৰ কৰিছে এই গৰাকী সমৰকলাবিদে। আনহাতে এই বন্ধৰ দিন কেইটাত যাতে তেওঁৰ প্ৰশিক্ষাৰ্থীসকলেও ঘৰতেই নিজাকৈ অনুশীলন কৰিব পাৰে তাৰ বাবে হোৱাটচ‌এপৰ জৰিয়তে নিজৰ অনুশীলনৰ বিভিন্ন ভিডিঅ’ যোগান ধৰিছে মাষ্টৰ দেৱজিৎ গগৈয়ে। ইয়াৰ উপৰিও সকলো প্ৰশিক্ষাৰ্থীৰ মাজত এক আৰ্ট কম্পিটিচনো অনুষ্ঠিত কৰিছে গগৈয়ে।

পৃথিৱীৰ অসুখ হৈছে। গতিকে আমি এতিয়া অলপ সাৱধান হবই লাগিব। ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে যি ব্যৱস্থা লোৱা হৈছে সেয়া আমি মানিব‌ই লাগিব। অলিম্পিকৰ দৰে বিশ্ব ক্ৰীড়া প্ৰতিযোগিতা পিছুৱাই দিবলৈ বাধ্য হৈছে। আমিনো কেইদিনমান ৱৰ্ক আউট নকৰাকৈ থাকিব নোৱাৰিম নে? আমাৰ এটা বছৰ সকলোৰে ক্ষতি হৈছে তথাপিও আমি লকডাউন মানি চলিব লাগিব। ঘৰতেই যেনেকৈ পাৰে অলপ ৱৰ্ক আউট কৰিলেই হ’ল। এই দৰে আমাৰ আগত ক’লে ৱেইট লিফ্টিং এচ’ছিয়েচনৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে। নিজৰ ঘৰতেই কিছু পৰিমাণে ৱৰ্ক আউট কৰাৰ লগতে ৰান্ধি ভাল পোৱা গোস্বামীয়ে এই কেইদিন ঘৰত নিজেই সাধ্যনুসৰি বিভিন্ন সুস্বাদু ব্যঞ্জন ৰান্ধিবলৈ চেষ্টা কৰিছে।

অসমৰ আগশাৰীৰ ক্ৰিকেট প্ৰশিক্ষক তথা গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক নৱাব আলীয়ে আজৰি এই সময়খিনি কটাইছে পৰিয়ালক সময় দি। লগতে ফোনৰ জৰিয়তে তেওঁ প্ৰসিক্ষাৰ্থীসকলক দিহা পৰামৰ্শ আগবঢ়াইছে আলীয়ে। এনেদৰেই এতিয়া দেখা পোৱা গৈছে ক্ৰীড়াৰ সৈতে জড়িত সততে ব্যস্ত হৈ থকা ব্যক্তিসকলে ঘৰতে থাকি বিভিন্নধৰণে নিজক ব্যস্ত ৰাখিছে। চেষ্টা কৰিছে ঘৰতে থাকি নিজকে সক্ৰিয় কৰি ৰাখিবলৈ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments