Tuesday, October 4, 2022
HomeNewsযদি অপেনিংত বিফল হ‌ও তেনে দ্বিতীয় সুযোগ কেতিয়াও নিবিচাৰোঁ : শচীন তেণ্ডুলকাৰ

যদি অপেনিংত বিফল হ‌ও তেনে দ্বিতীয় সুযোগ কেতিয়াও নিবিচাৰোঁ : শচীন তেণ্ডুলকাৰ

olympiasports.in

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলিও কোৱা হয়। এইগৰাকী ক্ৰিকেটাৰে ভাৰতীয় দলৰ হৈ অপেনিং বেটছমেন হিচাপে ভূমিকা গ্ৰহণ কৰাৰ পূৰ্বে এগৰাকী মিডল অৰ্ডাৰ বেটছমেন হিচাপেহে দলত আছিল। দলৰ অপেনিং বেটছমেন হবলৈ শচীনে কেপ্তেইন আৰু দলৰ প্ৰশিক্ষকক অনুৰোধ জনাবলগীয়া হৈছিল। এই কথা শচীনে নিজেই তেওঁৰ ব্যক্তিগত এপ ১০০ এমবিৰ জৰিয়তে ৰাজহুৱা কৰিছে।।

১৯৯৪ চনত নিউজিলেণ্ডৰ বিপক্ষে খেলা এখন মেচৰ পূৰ্বেই ভাৰতীয় দলৰ নিয়মীয়া অপেনিং বেটছমেন নৱজিৎ সি‌ং সিদ্ধু ডিঙিৰ আঘাতত ভুগিছিল। যাৰ বাবে তেতিয়াৰ কেপ্তেইন মহম্মদ আজাহাৰউদ্দিন আৰু প্ৰশিক্ষক অজিত বাডেকাৰে বিকল্প খেলুৱৈৰ চিন্তা কৰিবলগীয়া হৈছিল। তেনে সময়তে মিডল অৰ্ডাৰত খেলা বেটছমেন শচীনে তেওঁক অপেনিং কৰিবলৈ দিবলৈ কেপ্তেইন আজাহাৰ‌উদ্দিন আৰু প্ৰশিক্ষক অজিত বাডেকাৰক অনুৰোধ জনাইছিল। লগতে সেইদিনা এইবুলিও কৈছিল যে যদি অপেনিংত বিফল হ‌ও তেনে দ্বিতীয় বাৰৰ বাবে আৰু সুযোগ নিবিচাৰোঁ।

১৯৯৪ চনৰ সেই বিশেষ খেল খনত নিউজিলেণ্ডৰ বিৰুদ্ধে শচীনে অপেনিং কৰি ৪৯ বলত ৮২ ৰান কৰিবলৈ সক্ষম হৈছিল। মেচখনত শচীনে এই ৮২ ৰানৰ ইনিংছটো ১৫ টা চাৰি আৰু ২ টা ছয়ৰে সজাইছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments