Tuesday, October 4, 2022
HomeNews'কৰোনাকালীন সময়ত নিজৰ শৰীৰটোক কেনেদৰে সুস্থ কৰি ৰাখিব'- আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী...

‘কৰোনাকালীন সময়ত নিজৰ শৰীৰটোক কেনেদৰে সুস্থ কৰি ৰাখিব’- আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ বিশেষ উপদেশ

✍️ এলভিছ আলী হাজৰিকা

কৰোনা মহামাৰীয়ে আমাৰ দৈনন্দিন জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিলে। এই সময়ছোৱাত মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব আদিৰ দৰে কথাবোৰ আমাৰ নিচেই আপোন হৈ পৰিল। মহামাৰীবিধৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ চৰকাৰে লকডাউনৰ দৰে কঠোৰ ব্যৱস্থা ল’বলৈও বাধ্য হৈ পৰিল। লকডাউন বুলিলেই যিকোনো সামাজিক সম্পৰ্কৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰখা। ঘৰতে আবদ্ধ হৈ থাকি মহামাৰী ৰোধৰ নতুন উপায় এয়া। ভাৰতত কৰোনা মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত সম্পূৰ্ণ লকডাউন জাৰি কৰা হৈছিল। সেই সময়ত সম্পূৰ্ণভাৱে ঘৰত আবদ্ধ হৈ থকাটো বাধ্যতামূলক আছিল। অৱশ্যে কৰোনাৰ দ্বিতীয়টো ঢৌত কিছু সংখ্যক ৰাজ্যতহে সম্পূৰ্ণ লকডাউন দিয়া হৈছে। অসমৰ দৰে বহু ৰাজ্যত আংশিক লকডাউনৰহে পোষকতা কৰা হৈছে। লকডাউন- সম্পূৰ্ণই হওঁক বা আংশিকেই হওঁক, মূলতঃ এই সময়ছোৱাত সামাজিক সংস্পৰ্শৰ পৰা সকলো আঁতৰি থকাটোৱেই ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য। ঘৰতে আবদ্ধ হৈ থাকি, পৰস্পৰে পৰস্পৰৰ পৰা আঁতৰি থকাৰ এই অভ্যাস আমাৰ বাবে স্বাভাৱিক নহয়। স্বাভাৱিকতেই কৰ্মব্যস্ততাহীন এনে সময় আমাৰ বিভিন্ন শাৰীৰিক তথা মানসিক সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। বহুতেই এই সময়ছোৱাত বিভিন্ন শাৰীৰিক তথা মানসিক সমস্যাতো ভুগিছে।

কঠিন এই সময়ছোৱাত বহুতে কিছুমান বদ অভ্যাসৰ কৱলতো পৰিছে। তেনে এক বদ অভ্যাস হৈছে অত্যাধিক খাদ্য গ্ৰহণ। ঘৰতে এনেই থাকি সন্মুখীন হোৱা ব’ৰডমৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতৰে অজানিতে জোখতকৈ বেছি খাদ্য গ্ৰহণ কৰাৰ প্ৰৱণতা বাঢ়িছে। সাধাৰণতে মানসিক স্বাস্থ্যজনিত সমস্যা যেনে ষ্ট্ৰেছ, ডিপ্ৰেছন আদিৰ বাবেও কিছুলোকৰ অত্যাধিক খাদ্য গ্ৰহণৰ প্ৰৱণতা বাঢ়ি যায়। লকডাউনৰ পিছত আমি সচৰাচৰ লগ পাই থকা প্ৰায় ৫০ শতাংশ লোকৰেই ওজন বৃদ্ধি পাইছে। সঘনাই ৰেফ্ৰিজাৰেটৰটোৰ কাষ চাপি গ’লে আমি নিজকে প্ৰশ্ন কৰা উচিত যে সঁচাই আমাক এই মুহূৰ্তত খাদ্যৰ প্ৰয়োজন হৈছে নেকি! আচলতে এনে সময়ত আমাৰ শৰীৰত এক উদ্দীপনাৰহে প্ৰয়োজন হয়, খাদ্যৰ নহয়। সেয়ে যেতিয়াই এনেকুৱা অনুভৱ হয়, তেতিয়াই আপুনি নিজকে ব্যস্ত ৰাখিবলৈ আপোনাৰ ভাল লগা যিকোনো কাম কৰিব পাৰে। এনে সময়ত মগজুক ব্যস্ত ৰাখিবলৈ আপুনি ছুড’কোৰ দৰে খেল খেলিব পাৰে, অন্যথা আপোনাৰ প্রিয় কিতাপখনো পঢ়িবলৈ উলিয়াই ল’ব পাৰে। যদি এনে সময়ত আপোনাক হতাশগ্ৰস্ততাই আৱৰি ধৰিছে, তেন্তে কুহুমীয়া গৰম পানীৰে আপুনি গাটো ধুব পাৰে। নহ’লে খোজ কাঢ়িবলৈ ওলাই যাব পাৰে মুকলিলৈ। অন্যথা ঘৰতে কিছু শাৰীৰিক অনুশীলন কৰিলেও আপুনি উপকৃত হব। বিভিন্ন সমীক্ষাত ইতিমধ্যে প্ৰকাশ পাইছে যে শাৰীৰিক কচৰতে ষ্ট্ৰেছ বহুখিনি কমাব পাৰে। ইপিনে, এনে সময়ত আপুনি যদি দুঃচিন্তাত ভুগিছে তেন্তে আপুনি যোগ, প্রানায়াম অথবা বিভিন্ন আসন কৰিব পাৰে। যোগাভ্যাস, আসন আদি ব্যক্তিৰ মানসিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি ইতিমধ্যে বিভিন্ন অধ্যয়নত প্ৰকাশ পাইছে।

তাৰোপৰি, এনে কঠিন সময়ত ব্যক্তিৰ শৰীৰিক তথা মানসিক স্বাস্থ্যৰ যতন লোৱাৰ বাবে খাদ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা উচিত। এটা সুস্থ সবল স্বাস্থ্যৰ বাবে এই সময়ছোৱাত খাদ্যৰ তালিকাত যথেষ্ট পৰিমাণৰ শাক পাচলি অন্তৰ্ভুক্ত কৰা উচিত। শাক-পাচলিত কেলৰিৰ পৰিমাণ কম থকাৰ পৰিৱৰ্তে ভৰপূৰ ভিটামিন আৰু মিনাৰেল থাকে। তাৰোপৰি খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকিব লাগে। মাছ মাংসই হওক অথবা প্ৰটিনযুক্ত শাক-পাঁচলিয়েই নহওঁক কিয়,খাদ্য তালিকাত মুঠতে প্ৰটিন থকাটো নিত্যান্তই প্রয়োজনীয়। খাদ্য তালিকাৰ বাকী অংশ কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰে সজোৱা উচিত। মূলতঃ ভাত, মিঠা আলু, মাহযুক্ত যিকোনো খাদ্যত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট লাভ কৰা যায়।

দৈ এবিধ নেচাৰেল প্ৰবায়’টিক। শৰীৰত উপকাৰী বেক্টেৰিয়া সৃষ্টিত ভূমিকা লয় দৈয়ে। শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিতো অৰিহণা যোগায় দৈয়ে। গতিকে এই সময়ছোৱাত আমি দৈ গ্ৰহণ কৰাটো যথেষ্ট স্বাস্থ্য উপযোগী। শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধিত হালধিয়েও বিশেষ অৰিহণা যোগায়। এই ক্ষেত্ৰত হালধিক মহৌষধ বুলি গণ্য কৰিব পাৰি। হালধিত থকা এন্টি অক্সিডেন্ট তথা এন্টি ইনফ্লেমেটৰি গুণে শৰীৰৰ যিকোনো আঘাত আৰু সংক্ৰমণৰ পৰা দেহক ৰক্ষা কৰে। বহু লোকে হালধি সেৱন কৰে যদিও সঠিক ৰূপত ইয়াৰ ব্যৱহাৰ কৰা দেখা নাযায়। পানীৰ সৈতে মিহলাই খোৱাতকৈ গাখীৰত সিজাই খালে হালধিৰ পৰা প্ৰয়োজনীয় গুণাগুণ লাভ কৰা যায়।

তাৰোপৰি এই সময়ছোৱাত আমি যথেষ্ট পৰিমাণে এন্টি-ভাইৰাছ খাদ্য গ্ৰহণ কৰিব লাগে। আমাৰ প্রকৃতিৰ মাজতে এনে উপাদানযুক্ত খাদ্য লাভ কৰা যায়। তুলসী, আদা, নহৰু আদিৰ দৰে সদায় ব্যৱহাৰ কৰা মা মছলা আদিতো এন্টি ভাইৰাছ উপাদান থাকে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ এই সময়ত যিমান পাৰি ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। আমাৰ চৌপাশে অতি সহজতে লাভ কৰা নেমু, আমলখি, কমলা আদি ফলত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে। এই সময়ত এনে ফল মূল আমি দৈনিক আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তাৰোপৰি, জিংকযুক্ত খাদ্য যেনে ৰঙালাওৰ গুটি, বাদামযুক্ত বিভিন্ন মাহ আদিও নিতৌ খাদ্যৰ তালিকাত ৰাখিব লাগে।

এই সময়ছোৱাত নিজৰ শৰীৰটোক হাইড্ৰেটেড কৰি ৰখাটো অতি আৱশ্যকীয়। তাৰ কাৰণে প্ৰচুৰ পৰিমাণে পানী তথা বিভিন্ন ফলৰ ৰস গ্ৰহণ কৰিব লাগে। চাফ-চিকুণতা বজাই ৰাখিলে যিকোনো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। সেয়েহে এই সময়ত ঘনে ঘনে হাত ধোৱা, নিজৰ শৰীৰটোক পাৰ্যমানে পৰিস্কাৰ কৰি ৰখাৰ ওপৰতো গুৰুত্ব দিব লাগে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments