অলিম্পিয়া প্ৰতিবেদন
ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে ভাৰতীয় ক্ৰিকেটৰ আভ্যন্তৰীণ কন্দলে। অধিনায়ককেন্দ্ৰিক বিতৰ্কত তোলপাৰ এতিয়া ভাৰতীয় ক্ৰিকেট। বুধবাৰে এই সম্পৰ্কে প্ৰথমবাৰলৈ মুখ খুলিছিল বিৰাট কোহলিয়ে। এদিনীয়া দলৰ অধিনায়কৰ পৰা অপসাৰণ সন্দৰ্ভত বি চি চি আইৰ ভাষ্যক কাৰ্যতঃ নস্যাৎ কৰিছিল কোহলিয়ে। বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ সম্পূৰ্ণ বিপৰীতমুখী ভাষ্য আগবঢ়াইছিল কোহলিয়ে। তেওঁক এদিনীয়া দলৰ পৰা আঁতৰোৱাৰ কেৱল ডেৰ ঘণ্টাৰ পূৰ্বেহে খবৰ দিয়াৰ কথা ব্যক্ত কৰিছিল তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। বি চি চি আইৰ ভিতৰচোৱাক কাৰ্যতঃ দেশবাসীৰ সমুখত উদঙাই দেখুৱাইছিল কোহলিয়ে।
যি সময়ত কোহলিৰ অধিনায়কত্বক লৈ বি চি চি আইৰ অধ্যক্ষ গাংগুলীয়ে খেলুৱৈগৰাকীৰে আলোচনাত মিলিত হোৱাৰ কথা কৈছিল সেই সময়তে বুধবাৰৰ সংবাদমেলত কোহলিয়ে ঘটাইছিল বিস্ফোৰণ। কোহলিৰ সৈতে এই সম্পৰ্কে গাংগুলী অথবা আন কোনো বি চি চি আইৰ কৰ্তৃপক্ষই কৰা নাছিল কোনো আলোচনা। আনকি গাংগুলীয়ে কোৱাৰ দৰে টি২০ ৰ অধিনায়ক পদ এৰাৰ সময়ত সেই সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিবলৈও কোনেও কোহলিক কোৱা নাছিল। কোহলিৰ বুধবাৰৰ সংবাদেমলৰ সময়তেই এইসমূহ কথা পোহৰলৈ আহিছে।
কোহলিৰ সংবাদেমলৰ পিছতেই এতিয়া বিবুধিত পৰিছে বি চি চি আই। কোহলিৰ এই সংবাদমেলৰ পিছতেই বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে। কোহলিৰ মন্তব্যৰ সন্দৰ্ভত কোনো মত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে গাংগুলী। বিপৰীতে এই সন্দৰ্ভত বি চি চি আইয়ে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে বি চি চি আইৰ অধ্যক্ষগৰাকীয়ে।
বি চি চি আই আৰু কোহলিৰ মাজৰ এই মতানৈক্যই এতিয়া সুস্থ কৰি ৰখা নাই ভাৰতীয় ক্ৰিকেটৰ পৰিৱেশ। দুই পক্ষৰ এনে মতবিৰোধক লৈ নাৰাজ হৈ পৰিছে ভাৰতৰ একাংশ প্ৰাক্তন ক্ৰিকেটাৰ। সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে ৮৩’ৰ বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱে। কোহলি অথবা গাংগুলী কোনোজনেই ৰাজহুৱাকৈ ইজনে সিজনক দোষাৰোপ কৰি মন্তব্য দিয়া উচিত নহয়। তেওঁলোকে দেশৰ কথা ভাবিয়েই এনে কাৰ্যৰ পৰা বিৰত থকা উচিত। এই মন্তব্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। লগতে তেওঁ আগন্তুক দক্ষিণ আফ্ৰিকা ভ্ৰমণসূচীক লৈ চিন্তা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।
ইপিনে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰেও সমগ্ৰ ঘটনাক লৈ প্ৰকাশ কৰিছে নিজৰ মত। তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে বাখ্যা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰিছে। বি চি চি আইয়ে খেলুৱৈসকলৰে থকা দূৰত্ব আঁতৰাই ভৱিষ্যতে যাতে এনে পৰিৱেশৰ সূচনা নহয় তাৰ ব্যৱস্থা কৰা উচিত বুলিও কয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
উল্লেখযোগ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত বি চি চি আইয়ে এতিয়াও আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা নাই। এক ধৰণে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত যেন চূড়ান্তভাৱে ব্যৰ্থ হৈছে ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা বি চি চি আই।