olympiasports.in
লকডাউনৰ বাবে স্তব্ধ হৈ আছে ক্ৰীড়া বিশ্ব। নিজ নিজ ঘৰতেই এতিয়া আবদ্ধ হৈ আছে প্ৰায় সংখ্যক খেলুৱৈ। ব্যতিক্ৰম নহয় অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাও। লকডাউনৰ বাবে এতিয়া হৃদয়ে লখিমপুৰৰ নাৰায়ণপুৰস্থিত নিজৰ বাসগৃহতে অনুশীলন অব্যাহত ৰাখিছে।

খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা হৃদয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে জাৰ্মানীকে ধৰি আনা আন কেইখনমান দেশত প্ৰতিযোগিতাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ বাবেই এতিয়া সেই প্ৰতিযোগিতাসমূহ বাতিল হয়। এনে পৰিস্থিতিত এতিয়া হৃদয়ে নিজৰ প্ৰশিক্ষকৰ পৰা অনলাইন মাধ্যমেৰে বিভিন্ন দিহা পৰামৰ্শ গ্ৰহণ কৰি নিজৰ ঘৰতেই অনুশীলন অব্যাহত ৰাখিছে।
প্ৰতিভাৱান শ্বুটাৰ হৃদয়ৰ পিতৃ মাধৱ দেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শৰৎ হাজৰিকাই লখিমপুৰৰ নিজ বাসগৃহতে এক শ্বুটিং ৰেঞ্জ নিৰ্মাণ কৰি উলিয়াইছে। লখিমপুৰৰ পৰা দ্বিতীয় এজন সফল শ্বুটাৰ উলিয়াই অনাৰ বাবেই তেওঁ নিজ গৃহতেই এই শ্বুটিং ৰেঞ্জ নিৰ্মাণ কৰিছে। ইতিমধ্যে প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা শ্বুটিং ৰেঞ্জটোত লকডাউনৰ বাবেই অনুশীলনৰ বাবে উপযোগী কৈ গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই।নৱনিৰ্মিত শ্বুটিং ৰেঞ্জটোত ফিটনেচ জিমো সংলগ্ন কৰা হৈছে বুলি জনাইছে। বিগত এপ্ৰিল মাহৰ প্ৰথমাৰ্ধতে ৰেঞ্জটোত প্ৰশিক্ষণ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও সেয়া কৰ’না ভাইৰাছৰ বাবই সম্ভৱ হৈ নুঠিল।

পিতৃ শৰৎ হাজৰিকাই নিৰ্মাণ কৰা এই শ্বুটিং ৰেঞ্জতে এতিয়া হৃদয়ে নিজৰ অনুশীলন অব্যাহত ৰাখিছে।
কৰ’না মহামাৰীৰ বাবে সৃষ্টি হোৱা জটিল পৰিস্থিতৰ মুখামুখি হ’বলৈ চৰকাৰলৈ ইতিমধ্যে হৃদয়ে আৰ্থিক সাহায্যও প্ৰদান কৰিছে। হৃদয়ে খেল’ ইণ্ডিয়া ক্ৰীড়া প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰাৰ বাবেই লাভ কৰিছিল বিশেষ জলপানী। সেই জলপানীৰ এটা অংশ ইতিমধ্যে হৃদয়ে অসম চৰকাৰলৈ সাহায্য হিচাপে আগবাঢ়িছে। ইয়াৰ উপৰিও হৃদয়ৰ পিতৃ ড০ শৰৎ হাজৰিকায়ো অসম চৰকাৰলৈ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহায্য আগবঢ়াইছে।