Wednesday, August 10, 2022
HomeNewsআইএছএলত হায়দৰাবাদ এফ চিৰ শিৰত বিজয়ী মুকুট: ফাইনেলত জিলিকিল অসমৰ হলিচৰণ

আইএছএলত হায়দৰাবাদ এফ চিৰ শিৰত বিজয়ী মুকুট: ফাইনেলত জিলিকিল অসমৰ হলিচৰণ

অলিম্পিয়া প্ৰতিবেদন

অন্ত পৰিল এই ছিজনৰ আই এছ এল ।
হায়দৰাবাদ এফ চিৰ শিৰত বিজয়ী মুকুট । ফাইনেলত জিলিকিল অসমৰ হলিচৰণ

গোৱাৰ আই এছ এলৰ ফাইনেলৰ মৈদানত অসম সন্তান হলিচৰণ নাৰ্জাৰীয়ে গাৰ পৰা জাৰ্চি খুলি দৌৰিছে । মুখত বিজয়ৰ গৰ্বিত হাঁহি । গোৱাৰ ফাটোৰ্দা ষ্টেডিয়ামত দেওবাৰৰ নিশা ফ্লাড লাইটৰ পোহৰত দেখা গ’ল এই দৃশ্য । নহব‌ই বা কিয় ! কেৰালা ব্লাষ্টাৰ্ছৰ বিপক্ষে চূড়ান্ত মেচত টাইব্ৰেকাৰৰ বাবে অন্তিমটো পেনাল্টী শ্বট গ’ললৈ ৰূপান্তৰিত কৰি নিজ দল হায়দৰাবাদক দিলে জয়ৰ সোৱাদ । হলিচৰণে বাঁওভৰিৰে মৰা কৌশলী শ্বটত সম্পূৰ্ণৰূপে পৰাভূত হ’ল কেৰালাৰ গ’লৰক্ষক । মেচৰ ৭১ মিনিটত অনিকেত যাদৱৰ পৰিৱৰ্তে খেলপথাৰত নমা হলিচৰণক পুনৰ স্বাভাৱিক ছন্দত দেখা গ’ল দেওবাৰৰ সন্ধিয়া । চেম্পিয়ন ট্ৰফী হাতত লৈ হায়দৰাবাদ এফ চি দলৰ মুখত বিৰিঙিল হাঁহি । দেওবাৰে বহু দিনীয়া প্ৰতীক্ষাৰ অন্ত পৰিল । এই ছিজনৰ ফাইনেলৰ যুঁজত নামিল হায়দৰাবাদ এফ চি বনাম কেৰালা ব্লাষ্টাৰ্ছ । তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত খেলৰ প্ৰথমাৰ্ধত কোনোটো দলে গ’ল দিবলৈ সক্ষম নহ’ল । খেলৰ দ্বিতীয়াৰ্ধত দুয়োটা দলে চেম্পিয়ন খিতাপৰ বাবে দিলে মৰণ পণ যুঁজ । দ্বিতীয়াৰ্ধত কেৰালা ব্লাষ্টাৰ্ছৰ হৈ ভাৰতীয় খেলুৱৈ ৰাহুল কে পিয়ে ৬৮ মিনিটত ১ টা গ’ল দি দলটোক অগ্ৰগতি প্ৰদান কৰে । পিছে সেই অগ্ৰগতি বেছি সময় নিটিকিল। হায়দৰাবাদ এফ চিৰ হৈ ব্ৰাজিলৰ ছাহিল টাভৰাই ৮৮ মিনিটত ১ টা গ’ল দি মেচখনত সমতা স্থাপন কৰে । খেলৰ অতিৰিক্ত সময়তো সেই সমতা অক্ষুণ্ণ থাকিল । ফলত ৰেফাৰীৰে ফলাফল নিৰ্ণয়ৰ বাবে সহায় ললে পেনাল্টি শ্বুট আউটৰ । এই পদ্ধতিত হায়দৰাবাদ এফ চিয়ে দেখুৱালে নিজৰ পৰাক্ৰম । কেইবাটাও পেনাল্টী শ্বট প্ৰতিহত কৰি মেচখনত জয়ৰ নায়কত পৰিণত হ’ল নিজামৰ দেশ হায়দৰাবাদ এফ চিৰ গ’লৰক্ষক লক্ষীকান্ত কাট্ৰিমণি । টাইব্ৰেকাৰত ৩-১ আৰু সামগ্ৰিকভাবে ৪-২ গ’লৰ ব্যৱধানত কেৰালাক হৰুৱাই বিজয়ী হ’ল হায়দৰাবাদ এফ চি । এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল আধুনিক ভাৰতীয় ফুটবলৰ পীঠস্থান গোৱাৰ মৈদান । এই ছিজনৰ আই এছ এলত চেম্পিয়নৰ খিতাপ দখল কৰিলে তুলনামূলকভাৱে নতুন দল হায়দৰাবাদ । প্ৰথমবাৰৰ বাবে নট‌আউটত প্ৰবেশ কৰিয়েই হায়দৰাবাদ দলে খিতাপ অৰ্জন কৰিলে । ইয়াৰ বিপৰীতে এইবাৰকে ধৰি তিনিবাৰ ফাইনেলত উপনীত হৈও থমকিব লগা হ’ল কেৰালা
ব্লাষ্টাৰ্ছ ।
উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ আই এছ এলৰ একমাত্ৰ দল দুৰ্বল প্ৰদৰ্শনৰ বাবে ছেমি ফাইনেলত প্ৰবেশ কৰিব পৰা নাছিল । ইয়াৰ বিপৰীতে, কেৰালা ব্লাষ্টাৰ্ছ ,এ টি কে মোহন বাগান, হায়দৰাবাদ এফ চি, জামচেদপুৰ এফ চি দলে ছেমি ফাইনেলত প্ৰবেশ কৰিছিল । ছেমি ফাইনেলত জামচেদপুৰক হৰুৱাই ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰে কেৰালা ব্লাষ্টাৰ্ছে । সেইদৰে ছেমি ফাইনেল ৰাউণ্ডত দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত এ টি কে মোহন বাগানক বিধ্বস্ত কৰি ফাইনেলত উপনীত হয় হায়দৰাবাদ এফ চি ।

ফলত দেওবাৰে কেৰালা ব্লাষ্টাৰ্ছৰ সৈতে মুখামুখি হৈ হায়দৰাবাদে আজুৰি আনিলে বিজয়ৰ সন্মান ।

বিশ্ববাসীয়ে কেইবা মাহ জুৰি প্ৰত্যক্ষ কৰিলে এখন ৰোমাঞ্চকৰ টুৰ্ণামেন্ট । এনে এখন সফল ফুটবল টুৰ্ণামেন্ট পুনৰ উপভোগ কৰিবৰ বাবে ভাৰত তথা বিশ্ববাসীয়ে অপেক্ষা কৰিব লাগিব আৰু এটা বৰ্ষ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments