অলিম্পিয়া প্ৰতিবেদন
ভাৰতীয় বেডমিণ্টনৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ এটা টুইটে সামাজিক মাধ্যমত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি কৰিছে। টুইটাৰ আৰু ইনষ্টাগ্ৰামত তাৰকা খেলুৱৈগৰাকীয়ে উল্লেখ কৰিছিল যে মই অৱসৰ গ্ৰহণ কৰিলোঁ।
টুইটটোৰ প্ৰথম অংশত লিখা আছিল এইদৰে, “Denmark Open was the final straw. I RETIRE,”
অৱশ্যে সম্পূৰ্ণ পোষ্টটোৰ অৰ্থ আছিল পৃথক। তেওঁ সমগ্ৰ পোষ্টটোত ক’ভিড-১৯ মহামাৰীয়ে তেওঁৰ জীৱনত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে সেই কথা উল্লেখ কৰে। তেওঁ কয় যে বেডমিণ্টনত বহু প্ৰতিদ্বন্দীক তেওঁ পৰাস্ত কৰিছে, আগলৈয়ো তেওঁ সেয়া কৰি যাব। কিন্তু এটা মহামাৰীক তেওঁ কেনেদৰে পৰাভূত কৰিব? এতিয়াও ঘৰৰ পৰা বাহিৰলৈ ওলাই গ’লে ভয়, শংকাৰ মাজেৰে যাব লাগে।
তেওঁ উল্লেখ কৰে যে এতিয়াৰ পৰা আৰু তেওঁ ভয়, ঋণাত্মক চিন্তাধাৰাক প্ৰশ্ৰয় নিদিয়ে। তেওঁ এই ঋণাত্মক চিন্তাৰ পৰা অৱসৰ লৈছে। আচলতে, সিন্ধুই কৰোনা মহামাৰীৰ দ্বাৰা সৃষ্ট ঋণাত্মক চিন্তাৰ পৰাহে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। তাকে কৰিবলৈ খেলুৱৈগৰাকীয়ে এক নাটকীয় প্ৰকাশভংগীৰ আশ্ৰয় লয়।