Thursday, July 7, 2022
HomeNews২০ টা দলৰে অনুষ্ঠিত হ'ব টি টুৱেন্টি বিশ্বকাপ; আই চি চিৰ চিন্তা...

২০ টা দলৰে অনুষ্ঠিত হ’ব টি টুৱেন্টি বিশ্বকাপ; আই চি চিৰ চিন্তা চৰ্চা

অলিম্পিয়া প্রতিবেদন

টি টুৱেন্টি ক্ৰিকেটে অতি শীঘ্ৰেই লাভ কৰিব পাৰে নতুন ৰূপ। আগন্তুক সময়ত ৰোমাঞ্চকৰ হৈ উঠিব পাৰে আই চি চি টি টুৱেন্টি বিশ্বকাপৰ মেচসমূহ। কিয়নো বৰ্তমানৰ ১৬ টা দলৰ ঠাইত ২০ টা দলৰ মাজত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ওপৰত চিন্তা চৰ্চা অব্যাহত ৰাখিছে ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে।

অৱশ্যে, ২০২১ বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত পূৰ্বতে উল্লেখ কৰা ধৰণেই ১৬ টা দলেই অংশগ্ৰহণ কৰিব। যদি আলোচনা সফল হয়, তেন্তে ২০২৪ বৰ্ষৰ বিশ্বকাপত ২০ টা দল দেখাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ২০১৯ চনত প্ৰতিযোগিতাখনত পূৰ্বৰ ১৪ টা দলৰ ঠাইত ১০ টা দলেহে অংশগ্ৰহণ কৰিছিল। সেই সময়ত খেলসমূহ সম্প্রচাৰ কৰা সংস্থাই কম সংখ্যক দলৰ অংশগ্ৰহণৰ পোষকতা কৰিছিল। তাৰ বিপৰীতে এতিয়া পুনৰ আই চি চিয়ে দল বৃদ্ধিৰ কথা বিবেচনা কৰিছে।

উল্লেখযোগ্য যে ২০২০ৰ আই চি চি টি টুৱেন্টি বিশ্বকাপৰ খেলসমূহ ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছে যদিও সম্প্ৰতি দেশখনত দেখা দিয়া কৰোনাকালীন পৰিস্থিতিত সেয়া সম্ভৱ হৈ উঠিব নে নুঠে সেই কথা এতিয়াই ক’ব পৰা হোৱা নাই। ভাৰতত কৰোনাকালীন পৰিৱেশ অপৰিৱৰ্তিত থাকিলে প্ৰতিযোগিতাখন স্থানান্তৰ কৰিবলগীয়াও হব পাৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments