Thursday, July 7, 2022
HomeNewsআই চি চিৰ 'ক্ৰিকেটাৰ অৱ দ্য ডিকেড' বঁটাৰ প্ৰৱৰ্তন, সকলো ফৰ্মেটতে কোহলিৰ...

আই চি চিৰ ‘ক্ৰিকেটাৰ অৱ দ্য ডিকেড’ বঁটাৰ প্ৰৱৰ্তন, সকলো ফৰ্মেটতে কোহলিৰ আধিপত্য

অলিম্পিয়া প্ৰতিবেদন

এই বৰ্ষৰ পৰা আই চি চিয়ে প্ৰৱৰ্তন কৰিব ক্ৰিকেটাৰ অৱ দ্য ডিকেড শীৰ্ষক নতুন বঁটা এলানি। পুৰুষ আৰু মহিলা উভয়কে প্ৰদান কৰিবলগীয়া এই বঁটা পোন প্ৰথমবাৰৰ বাবে আগবঢ়োৱা হ’ব। সেই অনুসৰি প্ৰথমবাৰৰ বাবে ২০১০ ৰ পৰা ২০১৯ সময়সূচীলৈ এই বঁটা আগবঢ়োৱা হব। ক্ৰিকেটাৰসকলক ক্ৰিকেট জগতৰ বিভিন্ন ব্যক্তি তথা জনসাধাৰণৰ ভোটৰ ভিত্তিত এই বঁটা আগবঢ়োৱা হ’ব।

প্ৰথম বৰ্ষৰ বঁটাৰ বাবে সাত গৰাকী ক্ৰিকেটাৰে মনোনয়ন লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ভাৰতীয় অধিনায়ক ৰান মেচিন বিৰাট কোহলি। লগতে আছে স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন। বিৰাট কোহলীয়ে টেষ্ট, এদিনীয়া, টি টুৱেন্টিকে আদি কৰি গোটেইকেইটা ফৰ্মেটতে মনোনয়ন লাভ কৰি এই বঁটাৰ দৌৰত আগত আছে।

তেওঁলোকৰ লগতে মনোনয়ন লাভ কৰা আনকেইগৰাকী ক্ৰিকেটাৰ হৈছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, ইংলেণ্ডৰ জ’ ৰুট, নিউজিলেণ্ডৰ কেইন উইলিয়ামছন, দক্ষিণ আফ্ৰিকাৰ এ বি ডিভিলিয়াৰ্ছ, শ্ৰীলংকাৰ উইকেটকীপাৰ বেটছমেন কুমাৰ ছাংগাকাৰা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments