Wednesday, October 5, 2022
HomeNewsআই চি চি ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ ফাইনেলৰ আগমুহুৰ্তত তৰুণ ক্ৰিকেটাৰলৈ...

আই চি চি ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ ফাইনেলৰ আগমুহুৰ্তত তৰুণ ক্ৰিকেটাৰলৈ বিৰাটৰ পৰামৰ্শ

অলিম্পিয়া প্ৰতিবেদন

আই চি চি ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপত অধিনায়ক আৰু সহ অধিনায়কৰ দুৰ্দান্ত প্ৰদৰ্শন । অধিনায়ক যশ ধুলৰ শতকেৰে ১৯ অনূৰ্দ্ধ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত । ফাইনেলৰ মহাৰণত ভাৰত মৈদানত নামিব ইংলেণ্ডৰ বিৰুদ্ধে । ফাইনেলৰ পূৰ্বে তৰুণ ক্ৰিকেটাৰলৈ বিৰাট কোহলীৰ পৰামৰ্শ ।

ৱেষ্ট ইণ্ডিজত সগৌৰৱেৰে অব্যাহত আছে আই চি চি ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ ক্ৰিকেট । বুধবাৰে অনুষ্ঠিত ছেমিফাইনেলৰ যুঁজত দুই শক্তিশালী দল অষ্ট্ৰেলিয়া বনাম ভাৰত । কিন্তুু অপ্ৰতিৰোধ্য প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়াক বিমুখ কৰি ফাইনেলত প্ৰবেশ কৰিলে ভাৰতে । বুধবাৰৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৬ ৰাণত জয়লাভ কৰে টীম ইণ্ডিয়াই । মূলতঃ অধিনায়ক যশ ধুলেৰ শতৰাণ আৰু সহ অধিনায়ক ৰছিদৰ ৯৪ ৰাণৰ বাবেই ভাৰতৰ বিজয় সম্ভৱ হয় । ভাৰতে ৫০ অভাৰত ৫ উইকেটত ২৯০ ৰাণ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই ৪১.৫ অভাৰত ১৯৪ ৰাণতে ইনিংছ সামৰে । অধিনায়ক ধুলেই ১১০ টা বলত ঠিক ১১০ কৰোঁতেই ৰাণ আউট হয় । বলিঙত ভাৰতীয় দলৰ বিকী অষ্টাবলে ৩ টা উইকেট দখল কৰে । ভাৰতৰ বেটিং আৰু বলিঙত তিষ্ঠিব নোৱাৰিলে অষ্ট্ৰেলিয়াই। ৫ ফেব্ৰুৱাৰী শনিবাৰে ফাইনেলত এতিয়া ভাৰতৰ প্ৰতিদ্বন্দী ইংলেণ্ড । ইয়াৰ বাবে সাজু টীম ইণ্ডিয়া । ফাইনেলৰ মহাৰণত ইংলেণ্ডক প্ৰতিহত কৰিবলৈ ভাৰতে প্ৰস্তুত কৰিছে ৰণকৌশল ।
ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেটৰ ছুপাৰষ্টাৰ বিৰাট কোহলীয়ে ভাববিনিময় কৰিলে ১৯ বছৰ অনূৰ্দ্ধৰ ভাৰতীয় ক্ৰিকেটাৰসকলৰ সৈতে । জুম এপৰ জৰিয়তে ফাইনেলৰ আগমুহুৰ্তত বিৰাটে ক্ৰিেটাৰসকলক দিলে বিভিন্ন পৰামৰ্শ । ১৯ বছৰ অনূৰ্দ্ধৰ ভাৰতীয় দলৰ অধিনায়ক যশ ধুলৰ সৈতে নিজক বিচাৰি পাইছে বিৰাটে । কাৰণ ২০০৮ বৰ্ষত বিৰাটৰ নেতৃত্বত জয় ভাৰতে কৰিছিল এই যুব বিশ্বকাপ । তাৰপাছত ছিনিয়ৰ জাতীয় দলত খেলাৰ সুবিধা লাভ কৰিছিল তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাঙি গৈছিল এটাৰ পাছত আনটো ৰেকৰ্ড । সেইগৰাকী বিশ্ব ক্ৰিকেট তাৰকাৰ সৈতে মত-বিনিময় কৰি স্কীনশ্বট শ্বেয়াৰ কৰিলে ১৯ বছৰ অনূৰ্দ্ধৰ ক্ৰিকেটাৰসকলে । স্পীনাৰ কৌশল তাম্বেই ছচিয়েল মিডিয়াত লিখিলে “ফাইনেলৰ আগত বহুমূলীয়া টীপছ লাভ কৰিলো ” । দলৰ অলৰাউণ্ডাৰ ৰাজবৰ্ধন হাঙ্গাৰগেকৰে লিখিলে-” বিৰাট ভাইয়াৰ সৈতে এই আলোচনা আজীৱন মনত থাকিব । কেৱল ক্ৰিকেট নহয়, ভাল মানুহ হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত পৰাৰ্মশখিনি খুবেই মূল্যবান ।”
উল্লেখযোগ্য যে, নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভি ভি এছ লক্ষণে তৰুণ ক্ৰিকেটাৰসকলক উৎসাহিত কৰিবলৈ বিৰাট কোহলীক অনুৰোধ জনাইছিল । সেই মৰ্মে ভাৰতৰ যুৱ ক্ৰিকেটাৰসকলক বিভিন্ন পৰামৰ্শ দিলে বিৰাটৰ লগতে ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে । বিশ্বকাপৰ দৰে উন্নতমানৰ মঞ্চত কঠিন পৰিস্হিতিত কিদৰে প্ৰস্তুত হ’ব লাগে তাৰ বাবেও পৰামৰ্শ দিলে বিৰাট কোহলীয়ে ।
ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব – -প্ৰবীণ ক্ৰিকেটাৰৰ পৰামৰ্শ‌ই উবুদ্ধ কৰক এইসকল তৰুণ ক্ৰিকেটাৰক । ফাইনেলৰ মহাৰণত ইংলেণ্ডক প্ৰতিহত কৰি আই চি চি ১৯ বছৰ অনূৰ্দ্ধ বিশ্বকাপ জয় কৰক ভাৰতে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments