Tuesday, October 4, 2022
HomeNewsআৰ্থিক সংকটৰ সুযোগ লৈছে ক্ৰিকেট বুকীয়ে : সতৰ্ক কৰি দিলে আই চি...

আৰ্থিক সংকটৰ সুযোগ লৈছে ক্ৰিকেট বুকীয়ে : সতৰ্ক কৰি দিলে আই চি চিয়ে

olympiasports.in

ক’ভিড-১৯ ৰ বাবে সমগ্র বিশ্বৰ লগতে এতিয়া স্তব্ধ হৈ আছে ক্ৰীড়া জগতো৷ বন্ধ হৈ আছে সকলো সৰু–বৰ ক্রীড়া প্রতিযোগিতা, ১বছৰলৈ পিছুৱাই দিহলগীয়া হৈছে অলিম্পিকৰ দৰে প্ৰতিযোগিতা। সকলো ক্ৰীড়া বিদে নিজৰ ঘৰতেই আৱদ্ধ হৈ থকাৰ উপৰিও একাংশ‌ই নিজৰ গৃহতেই কৰিছে অনুশীলন। কিন্তু এই জটিল সময়ছোৱাত সক্ৰিয় হৈ পৰিছে ক্ৰিকেট বুকীসকল।

আইচিচিৰ দুর্নীতি নিবাৰক শাখাৰ মুৰব্বী এলেক্স মার্ছেলে ক্রিকেট বুকীৰ তৎপৰতাৰ বিষয়ে উল্লেখ কৰি ক্রিকেটাৰসকলক বুকীসকলৰ পৰা সতর্ক কৰি দিছে। তেওঁ ক্ৰিকেটাৰসকলক উদ্দেশ্য কৰি কৈছে ‘আমি মন কৰিছোঁ যে সাম্প্রতিক পৰিস্থিতিৰ সুযোগ লৈ একাংশ দুর্নীতিগ্রস্ত ক্রিকেট বুকী সক্রিয় হৈ পৰিছে৷ তেওঁলোকে ছ’চিয়েল মিডিয়াত অধিক ব্যক্তি থকা ক্রিকেটাৰসকলৰ সৈতে সম্পর্ক স্থাপনৰ চেষ্টা চলাইছে৷ ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে আন্তর্জাতিক আৰু ঘৰুৱা ক্রিকেট বন্ধ হৈ থকাৰ সময়ত দুষ্টচক্রৰ এনে প্রলোভনৰ পৰা আঁতৰি থাকিবলৈ আমি সকলো ক্রিকেটাৰক সতর্ক হৈ থকাৰ আহ্বান জনাইছোঁ৷ সকলোৱে যাতে তেওঁলোকৰ ধনৰ প্রস্তাৱৰ পৰা বাচি থাকে৷’

উল্লেখ্য যে সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলো গৃহবন্দী হৈ আছে। এই গৃহবন্দিত্বৰ সময়ছোৱাত অধিকাংশ ক্রিকেট তাৰকাই সম্প্রতি ছ’চিয়েল মিডিয়াত ব্যস্ত থকাৰ সুযোগ লৈ ক্রিকেট বুকীসকল সক্রিয় হৈ পৰা দেখা গৈছে৷ এই সময়ছোৱাত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্ৰিকেট বুকীসকলে ক্রিকেটাৰসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আৰম্ভ কৰিছে৷ বুকীসকলে এইসময়ছোৱাত বিশেষকৈ নিম্ন আয়ৰ ক্রিকেটাৰসকল লক্ষ্য কৰি লৈছে। নিম্ন আয়ৰ ক্ৰিকেটাৰসকলো এই সময়ছোৱাত আর্থিক সংকটৰ সন্মুখীন হৈছে। ক্ৰিকেটাৰসকলৰ এই আৰ্থিক সংকটৰ প্রতি লক্ষ্য ৰাখি ক্রিকেট বুকীয়ে পৰিস্থিতিৰ সুযোগ ল’ব বিচাৰিছে৷ আর্থিক সংকটৰ সময়ছোৱাত ক্রিকেটাৰক বৃহৎ ধনৰ লোভ দেখুৱাই মেচ ফিক্সিঙত জড়িত কৰিবলৈ দুর্নীতিৰ জগতৰ এটি দুষ্টচক্রই অপচেষ্টা চলাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments