অলিম্পিয়া প্ৰতিবেদন
ক্ৰমে ক্ৰীড়াৰ পৰিবেশে গা কৰি উঠিছে শিক্ষানুষ্ঠানসমূহত। চৰ্চাত মহানগৰীৰ এখন আগশাৰীৰ মহাবিদ্যালয় ।নাম আইকন একাডেমী ।পঢ়া-শুনাত সুন্দৰ ফলাফলৰ বাবে উত্তৰ-পূৰ্বৰ ৰাইজৰ বাবে পৰিচিত আইকন ।পিছে, এতিয়া আইকনত পঢ়াৰ সমান্তৰালকৈ গা কৰি উঠিছে ক্ৰীড়াৰ পৰিবেশো ।
অসমৰ এগৰাকী উদিত ক্ৰিকেটাৰ ৰোহন হাজৰিকাৰ নাম এতিয়া ক্ৰীড়াপ্ৰেমীৰ বাবে তিনেই চিনাকী । শেহতীয়াকৈ ৰোহনে ১৯ বছৰ অৰ্নুধ্বৰ ইণ্ডিয়া ‘এ’ টীমত খেলাৰ সুযোগ লাভ কৰে ।এইগৰাকী উদীয়মান ক্ৰিকেটাৰ এইখন শিক্ষানুষ্ঠানৰে দ্বাদশ শ্ৰেণীৰ ছাত্র । আজিৰ পৰা প্ৰায় দুটা বছৰৰ পূৰ্বে আইকন একাডেমীৰ প্ৰাংগনত ক্ৰিকেট ক’চিং দিয়াৰ উদ্দেশ্যে গঢ় লৈ উঠিছিল “আইকন ক্ৰিকেট ক্লিনিক ” নামেৰে এক ক’চিং চেন্টাৰ । এক ক্ৰিকেটৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰোহনে আইকন একাডেমীতো লাভ কৰিছিল এক ক্ৰিকেটৰ সুস্থ পৰিবেশ ।কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত এই স্থানতে ৰোহনে পঢ়াৰ সমানে কৰিছিল ক্ৰিকেটৰ অনুশীলন । তাৰ বাবে গৌৰৱান্বিত আজি আইকন একাডেমীৰ কৰ্তৃপক্ষ । ৰোহনৰ এই সাফল্যত নিশ্চিয়কৈ এক বৰঙনি আছে আইকন একাডেমীৰো ।
পঢ়াৰ সমান্তৰালভাৱে ক্ৰীড়াৰ এক সুন্দৰ বাতাবৰণ সৃষ্টিৰ বাবে চেষ্টা কৰি গৈছে আইকনৰ কৰ্তৃপক্ষই । ইয়াৰ আৰম্ভণি ক্ৰিকেটৰ জৰিয়তে কৰিলেও ভৱিষ্যতে বেডমিন্টন, ভলীবল আদিৰ ক্ৰীড়াৰ সুবিধা কৰা হ’ব বুলি উল্লেখ কৰিলে আইকন একাডেমীৰ অধ্যক্ষ ড০ আফাজুৰ ৰহমানে ।
ৰোহনৰ এই সাফল্যৰ পাছতেই অনুপ্ৰাণিত হৈছে তেওঁৰ সহপাঠীসকলো ।ক্ৰিকেটত মনোনিৱেশ কৰিছে কেইবাগৰাকীও আইকন একাডেমীৰ ছাত্রই । অনাগত দিনত এইসকল আগ্ৰহী ছাত্রৰ মাজৰ পৰাই ক্ৰীড়াক্ষেত্রৰ একো একোজন উজ্জ্বল তাৰকা নিৰ্মাণৰ এক সপোন পুহি ৰাখিছে আইকন কৰ্তৃপক্ষই । এই প্ৰসংগত অধ্যক্ষজনে উল্লেখ কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ প্ৰংসগ ।
ইতিমধ্যে দুগৰাকী অভিজ্ঞ প্ৰশিক্ষকে নিৰৱচিন্নভাৱে কচিং চেন্টাৰত প্ৰশিক্ষণৰ দায়িত্ব পালন কৰি গৈছে।ৰাতিপুৱা আৰু কলেজ পাঠ্যক্ৰম শেষ হোৱাৰ পাছত অনুশীলন কৰাইছে কেইবাগৰাকীও ছাত্রক ।প্ৰশিক্ষকৰ দায়িত্বত আছে প্ৰাক্তন ৰঞ্জি খেলুৱৈ অভিজিৎ দাস আৰু জেষ্ঠ প্ৰশিক্ষক ধৰণী সিং ।আনহাতে, প্ৰাক্তন ৰঞ্জী খেলুৱৈ জাকেৰিয়া জাফ্ৰীও আছে এই ক’চিং চেন্টাৰৰ মুখ্য উপদেষ্টা হিচাপে ।
কেৱল ৰোহন হাজৰিকাই নহয়, আইকনৰ কেইবাগৰাকীও সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰে ইয়াতেই লয় প্ৰশিক্ষণ ।ইয়াৰ ভিতৰত ৰঞ্জী খেলুৱৈ মুখতাৰ হুচেইন, ১৯ বছৰ অনুৰ্ধৰ অসম দলৰ অৰ্ণৱ বৰা, ময়ুখ হাজৰিকা, প্ৰীতম প্ৰাণ কলিতা, জাশপ্ৰীত সিঙ অন্যতম । তদুপৰি, বিগত সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও যুৱক-যুৱতীয়ে এই ক’চিং চেন্টাৰত প্ৰশিক্ষণ লৈ ক্ৰীড়া জগতত উজলি উঠিছে ।
এখন শিক্ষানুষ্ঠানত শাৰিৰীক শিক্ষা কিমান প্ৰয়োজনীয় উল্লেখ কৰিলে অধ্যক্ষ জনে ।তদুপৰি, নতুন শিক্ষা নীতিত ক্ৰীড়াক গুৰুত্বাৰোপ কৰাৰ কথা ব্যক্ত কৰে তেওঁ ।ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব আইকনৰ এই ক্ৰীড়াৰ পৰিবেশ অব্যাহত থাকক । এনে ক’চিং চেন্টাৰৰ পৰাই ৰাষ্ট্ৰীয় ক্ৰীড়াত জিলিকি উঠক এইসকল ছাত্ৰ-ছাত্রী ।পঢ়াৰ সমানে শিক্ষানুষ্ঠানসমূহত সৃষ্টি হওক ক্ৰীড়াৰ নৱজাগৰণ
।