Friday, September 30, 2022
HomeNewsমুম্বাই ইণ্ডিয়ানছে প্লে- অফত স্থান পাব; কিন্তু তাৰ বাবে কৰিব লাগিব কিছু...

মুম্বাই ইণ্ডিয়ানছে প্লে- অফত স্থান পাব; কিন্তু তাৰ বাবে কৰিব লাগিব কিছু অংক!!

অলিম্পিয়া প্ৰতিবেদন

আই পি এলৰ লীগ পৰ্যায়ত পইণ্ট তালিকাৰ চতুৰ্থ স্থানক লৈ তীব্ৰ যুজঁ চলিছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত। মুম্বাইৰ অনুৰাগীৰ আশা আছিল বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ হাতত পৰাস্ত হওঁক কলকাতা। তেতিয়া অন্ততঃ লীগৰ অন্তিম মেচখনত ছানৰাইজাৰ্ছ হায়দাৰবাদক হৰুৱাব পাৰিলেই দলটোৰ প্লে-অফলৈ স্থান নিশ্চিত আছিল। কিন্তু বাস্তৱত সেয়া হৈ নুঠিল। বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি কলকাতা নাইট ৰাইডাৰ্ছ প্লে-অফলৈ যোৱাতো প্ৰায় নিশ্চিত হৈ পৰিল। এতিয়া মুম্বাই ইণ্ডিয়ানছৰ সমুখত আছে কেৱল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচখন। কিন্তু, প্লে-অফলৈ স্থান নিশ্চিত কৰিবলৈ মুম্বাই ইণ্ডিয়ানছে শুক্ৰবাৰৰ মেচখনত কি কৰিব লাগিব, সেই হিচাবত ব্যস্ত হৈ পৰিছে দলটোৰ অনুৰাগীসকল।

১৩ খন মেচৰ পৰা ১২ পইণ্টৰে সম্প্ৰতি মুম্বাই ইণ্ডিয়ানছ আছে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত। দলটোৰ নেট ৰান ৰেট -০.০৪৮। বিপৰীতে ১৪ পইণ্টৰে তালিকাৰ চতুৰ্থ স্থানত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ নেট ৰান ৰেট হৈছে ০.৫৮৭। এতিয়া মুম্বাই ইণ্ডিয়ানছৰ হাতত আছে কেৱল এটাই উপায়। সেয়া হৈছে শুক্ৰবাৰৰ মেচখনত দলটোৱে ছানৰাইজাৰ্ছ হায়দাৰবাদক পৰাস্ত কৰিব লাগিব ১৭১ ৰানৰ বিশাল ব্যৱধানত। মেচখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বলিং কৰিবও নোৱাৰিব। দলটোৱে প্ৰথমে বেটিং কৰি এটা বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিব লাগিব । আৰু অতি কম ৰানত হায়দাৰবাদক আউট কৰি জয়ৰ ব্যৱধান ৰাখিব লাগিব ১৭১ত। তেতিয়াহে ছেমি ফাইনেলত দেখা পোৱা যাব মুম্বাই ইণ্ডিয়ানছক। যি নেকি প্ৰায় এক অসম্ভৱ কথা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments