Monday, July 4, 2022
HomeNewsঅটোচালক পিতৃৰ সপোন পূৰণ কৰিলে মহম্মদ চিৰাজে

অটোচালক পিতৃৰ সপোন পূৰণ কৰিলে মহম্মদ চিৰাজে

অলিম্পিয়া বিশেষ লেখা

২০১৭ চনত ২০ বছৰীয়া হায়দৰাবাদৰ এজন যুৱকে সংবাদ শিৰোনাম দখল কৰিছিল। এজন অটোচালকৰ পুত্ৰই ঐশ্বৰ্যশালী ক্ৰিকেট টুৰ্ণামেণ্ট আই পি এলত ২.৬ কোটি টকাৰ বিনিময়ত স্থান লাভ কৰি অভিলেখ গঢ়াৰ খবৰে ক্ৰীড়ামহলত বেছ আলোড়ণৰ সৃষ্টি কৰিলে। মহম্মদ চিৰাজৰ সেই অনুপ্ৰেৰণামূলক খবৰে উঠি অহা প্ৰজন্মৰ ক্ৰিকেটাৰ সকলকো উৎসাহিত কৰি তুলিছিল।

চিৰাজৰ আই পি এলৰ নিৰ্ধাৰিত নিৰিখ আছিল ২০ লাখ। কিন্তু তাৰপিছতো প্ৰায় ১৩ গুণ অধিক মূল্যত চিৰাজক ক্ৰয় কৰিছিল ছান ৰাইজাৰ্ছ হায়দৰাবাদে। সেয়াই আৰম্ভণি। তাৰ পিছত আৰু ঘূৰি চাবলগীয়া হোৱা নাই সোহতীয়া মিডিয়াম পেচাৰ বলাৰজনে। আজি অটোচালকৰ সেই পুত্ৰই স্থান লাভ কৰিলে ভাৰতীয় জাতীয় টেষ্ট দলতো। উত্তৰণৰ এনে প্ৰেৰণাদায়ক কাহিনীয়ে আজি সেয়ে সকলো ভাৰতবাসীকে উদ্বুদ্ধ কৰি তুলিছে।

২০১৫ চনত হায়দৰাবাদৰ হৈ ৰঞ্জি ট্ৰফীত অভিষেক ঘটিছিল চিৰাজৰ। অভিষেক বৰ্ষতে উজলি উঠিছিল চিৰাজ। ৯ খন মেচত দখল কৰিছিল ৪১ টাকৈ উইকেট। চকুত লগা প্ৰদৰ্শনৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল হায়দৰাবাদৰ ১৮ বছৰীয়া যুৱক চিৰাজে।

সৰুতে টেনিছ বলৰে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা চিৰাজ প্ৰথম অৱস্থাত ক্ৰিকেটক লৈ বৰ বেছি চিৰিয়াছ নাছিল। মাকে ল’ৰাৰ খেল প্ৰত্যক্ষ কৰি উৎসাহ যোগাইছিল। পিতৃ ঘউছ মহম্মদ আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। ৬০০০-১০০০০ মাহিলী উপাৰ্জনৰে তিনিটা সন্তানৰ সৈতে পৰিয়াল চলোৱাটো কঁঠিনেই নাছিল, প্ৰায় অসম্ভৱ যেন কথা আছিল। কঠিন পৰিস্থিতিৰ মাজেৰে এনেদৰেই চিৰাজ আগবাঢ়ি গৈছিল নিজ লক্ষ্য অভিমুখে। হাৰ মনা নাছিল। সেয়ে আজি চিৰাজৰ পিতৃৰ সপোনে পূৰ্ণতা লাভ কৰিলে। পিতৃৰ সপোন আছিল পুত্ৰ চিৰাজক ভাৰতীয় টেষ্ট দলত এবাৰ চোৱাৰ।পুত্ৰই পিতৃৰ ইচ্ছা পূৰণ ঠিকেই কৰিলে যদিও পুত্ৰই ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰাৰ মুহূৰ্ত উপভোগ কৰিবলৈ আজি পিতৃ এই পৃথিৱীত নাই।

অষ্ট্ৰেলিয়া অভিমুখী ভাৰতীয় দলত স্থান লাভ কৰাৰ সুবাদতে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱা চিৰাজে হয়তো আশাও কৰা নাছিল যে ভাৰতীয় টেষ্ট দলত তেওঁ ইমান সোনকালে আমন্ত্ৰণ লাভ কৰিব। কিন্তু, অৱশেষত পিতৃৰ আশা, নিজৰ সপোন পূৰণৰ দিশে এধাপ আগুৱাই মহম্মদ চিৰাজে স্থান লাভ কৰিলে ভাৰতীয় দলত। মেলবৰ্ণৰ দ্বিতীয় টেষ্টত তেওঁ অভিষেক টেষ্টৰ প্ৰথম ইনিংছত আনকি দুটাকৈ উইকেটো দখল কৰে এইগৰাকী হায়দৰাবাদী যুৱকে। মহম্মদ চিৰাজৰ এই যাত্ৰা অবিৰত হওঁক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments