Friday, September 30, 2022
HomeNewsভাৰত বনাম নিউজিলেণ্ড; কি কি অভিলেখৰ সাক্ষী হৈ ৰ'ল দ্বিতীয় টেষ্ট

ভাৰত বনাম নিউজিলেণ্ড; কি কি অভিলেখৰ সাক্ষী হৈ ৰ’ল দ্বিতীয় টেষ্ট

অলিম্পিয়া প্ৰতিবেদন

বহুকেইটা অভিলেখৰ সাক্ষী হৈ ৰ’ল ভাৰত নিউজিলেণ্ডৰ দ্বিতীয় টেষ্ট। এই জয়েৰে পুনৰ টেষ্ট ৰেংকিঙৰ শীৰ্ষ আৰোহণ কোহলিবাহিনীৰ। কেৱল সেয়াই নহয়, নিউজিলেণ্ডৰ বিপক্ষে ৩৭২ ৰানৰ জয় আছিল ঘৰুৱা মাটিত দলটোৰ সৰ্ববৃহৎ জয়। আলহী দলটোৰ সমুখত ভাৰতে নিৰ্ধাৰণ কৰি দিছিল ৫৪০ ৰানৰ বিশাল লক্ষ্য। প্ৰত্যুত্তৰত কিবি বাহিনীয়ে কেৱল ১৬৭ ৰানতে সামৰে নিজৰ দ্বিতীয় ইনিংছ। কিৱিক পৰাস্ত কৰাৰ লগে লগে বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে ৩৯ সংখ্যক বিজয় সাব্যস্ত কৰিলে। ইয়াৰ লগে লগে টেষ্ট ক্ৰিকেটত পুনৰ প্ৰতিষ্ঠা হ’ল অধিনায়ক হিচাবে বিৰাট কোহলিৰ শ্ৰেষ্ঠত্ব। তাৰোপৰি কোহলিৰ নেতৃত্বত এয়া আছিল ভাৰতৰ মাটিত দলটোৰ ধাৰাবাহিকভাৱে ১৪ তম চিৰিজ বিজয়। ইফালে ভাৰতৰ মাটিত নিউজিলেণ্ড দলটোক ভাৰতীয় দলটোৱে ৮ খন টেষ্ট মেচৰ ভিতৰত ৭ খনতে পৰাস্ত কৰি আন এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। একেদৰে বিৰাটৰ নেতৃত্বত ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে এয়া আছিল চতুৰ্থ সংখ্যক বিজয়।

ভাৰতৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনেও ৱাংখেৰে টেষ্টৰ জড়িয়তে গঢ়ে আন এক অভিলেখ। দেশৰ মাটিত ৩০০ উইকেট সম্পূৰ্ণ কৰা তেওঁ দ্বিতীয়গৰাকী বলাৰত পৰিণত হয়। ইয়াৰে আগতে অনিল কুম্বলেৰ নামত আছিল এই অভিলেখ। ইপিনে নিউজিলেণ্ডৰ তাৰকা স্পীনাৰ আজাজ পেটেলৰ এটা ইনিংছত ১০ টা উইকেট দখল আছিল টেষ্টখনৰ আন এক উল্লেখনীয় দিশ। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ জিম লেকাৰ আৰু ভাৰতৰ অনিল কুম্বলেৰ নামত আছিল এই বিৰল কৃতিত্ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments