অলিম্পিয়া বাৰ্তা
বিশ্বজুৰি চলি থকা কৰ’নাৰ সন্ত্ৰাসৰ মাজতেই এটা ভাল খবৰ। সকলো ঠিকে থাকিলে অতি সোনকালেই দেখিবলৈ পোৱা যাব খেলপথাৰত বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ আদি জনপ্ৰিয় ক্ৰিকেটাৰসকলক।
উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ বাবে দীৰ্ঘদিন ধৰি বিশ্বত অনুষ্ঠিত হোৱা নাই কোনো বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা। বৰ্তমানেও বিশ্বত কৰোনা ভাইৰাছৰ প্ৰকোপৰ অন্ত পৰা নাই যদিও ইতিমধ্যে কৰোনাৰ সৈতে সহাৱস্থান কৰিবলৈ যেন সকলো প্ৰস্তুত হৈ পৰিছে। তেনে এক সময়তে ক্ৰিকেটপ্ৰেমীৰ বাবে আনন্দৰ বাৰ্তা লৈ আহিছে ভাৰতীয় ক্ৰিকেট বোৰ্ড আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াই।
সকলো ঠিকে থাকিলে ৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট ছিৰিজ। ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু বি চি চি আইৰ মাজৰ বুজাবুজিৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। ক’ভিড-১৯য়ে সৰ্বত্ৰে সন্ত্ৰাস চলাই থকাৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰথম অৱস্থাত এই মেচ অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাত বি চি চি আই-এ এই সিদ্ধান্তক সমৰ্থন জনায়।
সেই অনুসৰি, ৩ ডিচেম্বৰত ব্ৰিছবেনত অনুষ্ঠিত হ’ব ছিৰিজৰ প্ৰথমখন মেচ। ১১ ডিচেম্বৰত এডিলেইডত দ্বিতীয়খন টেষ্ট হোৱাৰ লগতে তৃতীয় টেষ্ট অনুষ্ঠিত হ’ব মেলব’ৰ্নত ২৬ ডিচেম্বৰত। চিৰিজটোৰ অন্তিমখন টেষ্ট অনুষ্ঠিত হ’ব ছিডনীত। বিশেষজ্ঞসকলৰ মতে চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰত বিশ্বত কৰোনা মহামাৰীৰ প্ৰভাৱ কমাৰ সম্ভাৱনা আছে। যাৰ বাবে তেওঁলোকে ছিৰিজটো অনুষ্ঠিত কৰাৰ এই সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখযোগ্য যে, টেষ্ট মেচ অনুষ্ঠিত হ’লেও সেই মেচ সমূহ দৰ্শকবিহীন ষ্টেডিয়ামতহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি অষ্ট্ৰেলিয়াৰ ক্ৰিকেট এছ’চিয়েচনে সামাজিক দূৰত্বৰ ৰক্ষাৰ দিশটোত বিশেষভাৱে লক্ষ্য ৰাখিব বুলি প্ৰকাশ কৰিছে। তেনেস্থলত ঘৰত বহিয়ে ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব লাগিব হাইভল্টেজ টেষ্ট ছিৰিজটো।