অলিম্পিয়া প্ৰতিবেদন
বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ দ্বাৰা ঘোষিত শেহতীয়া ৰেংকিঙৰ তালিকাত চাৰিটা স্থানৰ উত্তৰণ ঘটিছে ভাৰতীয় ফুটবল দলৰ। বছৰটোৰ অন্তিম ৰেংকিঙৰ তালিকাত সুনীল চেত্ৰী নেতৃত্বাধীন দলটোৰ এনে উত্থানে এতিয়া দেশৰ অগণন ফুটবল অনুৰাগীক আনন্দিত কৰি তুলিছে। সদ্য ঘোষিত ৰেংকিঙত ভাৰত এতিয়া ১০৪ তম স্থানত উপবিষ্ট হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত ঘোষিত ৰেংকিঙত দলটোৰ স্থান আছিল ১০৮।
উল্লেখযোগ্য যে, এছিয়া মহাদেশৰ উল্লেখযোগ্য দুটা দল জাপান আৰু কাটাৰ আছে ক্ৰমে ২৮ আৰু ৫৯ সংখ্যক স্থানত। তালিকাৰ শীৰ্ষ স্থান অধিকাৰ কৰি আছে বেলজিয়ামে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ফ্ৰান্স আৰু ব্ৰাজিল। প্ৰথম দহটা স্থানত থকা আন আন দলকেইটা হ’ল ক্ৰমে, ইংলেণ্ড,পৰ্তুগাল, স্পেইন, আৰ্জেন্টিনা, উৰুগুৱে, মেক্সিকো আৰু ইটালী।