Wednesday, October 5, 2022
HomeNewsটকিঅ'ত ভাৰত; অলিম্পিকৰ ২৭ জুলাইৰ ফলাফল

টকিঅ’ত ভাৰত; অলিম্পিকৰ ২৭ জুলাইৰ ফলাফল

অলিম্পিয়া প্রতিবেদন

অলিম্পিকত ভাৰতে আজি লাভ কৰে মিশ্ৰিত ফলাফল। ভাৰতৰ আজিৰ অভিযানৰ আৰম্ভণি ঘটে শ্বুটিঙৰ মিক্সড দলটোৰ প্ৰদৰ্শনৰে। কিন্তু আৰম্ভণি সুখকৰ নাছিল ভাৰতৰ বাবে। আহকচোন অলিম্পিকত আজি দেশখনৰ ফলাফলৰ এক চমু আলোচনা কৰোঁ।

শ্বুটিং: ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড কোৱালিফিকেছনত ভাৰতৰ মনু ভাকেৰ আৰু সৌৰভ চৌধুৰী যুটীৰ লগতে অভিষেক ভার্মা-যশস্বিনী সিং দেছৱালৰ আনটো যুটীয়ে মেডেল ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। ইপিনে, ১০ মিটাৰ এয়াৰ ৰাইফলছৰ মিক্সড কোৱালিফিকেছনত ভাৰতৰ আন দুটা যুটী ক্ৰমে ইলাভেনিল ভালাৰিতান-দিব্যাংশ সিং পালৱা আৰু অঞ্জুম মুডগিল-দীপক কুমাৰে দ্বিতীয় ৰাউণ্ডলৈ উত্তীৰ্ণ হোৱাত ব্যৰ্থ হয়।

হকী: হকীত পুনৰ ছন্দ ঘূৰাই পাইছে ভাৰতীয় দলটোৱে। দলটোৱে আজি পুল এৰ এখন মেচত স্পেইনক ৩-০ ব্যৱধানত পৰাস্ত কৰে।

বেডমিণ্টন: বেডমিণ্টনত ভাৰতৰ বাবে দিনটো আছিল বেদনাদায়ক। পুৰুষৰ ডাবলছৰ গ্ৰুপ এত সত্ত্বিকছাই ৰাজ ৰনকিৰেদ্দী আৰু চিৰাগ চেট্টীৰ যুটীয়ে গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰিবলৈ সক্ষম হয় যদিও গেম ডিফাৰেন্সৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়াত পৰে।

টেবুল টেনিছ: টেবুল টেনিছৰ ৩য় ৰাউণ্ডত পুৰুষৰ একক শাখাত শৰথ কমল চীনৰ প্ৰতিপক্ষৰ হাতত ৪-১ ব্যৱধানত পৰাজিত হয়।

ছেইলিং: ছেইলিঙতো দিনটোত কেৱল ব্যৰ্থতাৰ সন্মুখীন হয় ভাৰতীয় দলটো। মহিলাৰ লেজাৰ ৰেদিয়েলত নেত্ৰা কুমাননে ৩৮ তম স্থানহে লাভ কৰিবলৈ সক্ষম হয়। পুৰুষৰ লেজাৰ ৰেদিয়েলত বিষ্ণু সর্বাননে লাভ কৰে ২২তম স্থান। তাৰোপৰি, পুৰুষৰ স্কীফত গণপতি কেলাপাণ্ডা আৰু বৰুণ থক্কৰে ১৮ তম স্থান লাভ কৰে।

বক্সিং: বক্সিঙত আজিৰ দিনটোত ভাৰতৰ হৈ একমাত্ৰ অসম কন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। লাভলীনাই সফলতাৰে জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments