Wednesday, July 6, 2022
HomeNewsটকিঅ'ত ভাৰত: অলিম্পিকত ২৯ জুলাইৰ ফলাফল

টকিঅ’ত ভাৰত: অলিম্পিকত ২৯ জুলাইৰ ফলাফল

অলিম্পিয়া প্ৰতিবেদন

ৰোয়িং: ৰোয়িঙত লাইটৱেইট পুৰুষৰ ডাবলছ স্কালত অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙে পঞ্চম স্থানেৰে আজিৰ দিনটোৰ খেলৰ সামৰণি মাৰে।

শ্বুটিং: শ্বুটিঙত ভাৰতৰ মনু ভাকেৰ আৰু ৰাহী চাৰ্নোবটে ২৫ মিটাৰ পিষ্টল কোৱালিফিকেছনত ক্ৰমে পঞ্চম আৰু ২৫তম স্থান লাভ কৰে।

ছেইলিং: ছেইলিঙত ৱান পাৰ্চন লেজাৰ ৰাউণ্ডৰ ৰেচ ৭ আৰু ৰেচ ৮ত ভাৰতৰ বিষ্ণু চাৰ্ভানে ক্ৰমে ২৭ আৰু ১৩ সংখ্যক স্থান লাভ কৰে। আনহাতে মেনছ স্কিফত গণপথি কালাপাণ্ডা আৰু বৰুণ থাকৰে ৰেচ ৫ আৰু ৬ত ক্ৰমে ১৬ আৰু ৭ সংখ্যক স্থান লাভ কৰে। ইপিনে, ৱ’মেন ৱান পাৰ্চন লেজাৰ ৰাউণ্ডৰ ৰেচ ৭ আৰু ৰেচ ৮ত নেট্ৰা কুমাননে ক্ৰমে ২২ আৰু ২০ সংখ্যক স্থান লাভ কৰে।

গল্ফ: গল্ফত ভাৰতৰ অনিৰ্বাণ লাহিড়ি আৰু উদয়ন মানেই মেনছ ইণ্ডিভিজুয়েল ষ্ট্ৰ’ক প্লেৰ ৰাউণ্ড ১ ত ক্ৰমে ৮ আৰু ৬০ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়।

বেডমিণ্টন: পি ভি সিন্ধুৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। সিন্ধুই ডেনমাৰ্কৰ মিয়া ব্লিচফেল্টক ২১-১৫, ২১-১৩ ব্যৱধানত পৰাস্ত কৰে

আৰ্চাৰী: আৰ্চাৰীত জিলিকি উঠে ভাৰতৰ তাৰকা আৰ্চাৰ অতনু দাস। শীৰ্ষ অষ্টমত প্ৰৱেশ কৰে আৰ্চাৰগৰাকীয়ে। ৰাউণ্ড অব ১৬ত পৰাস্ত কৰে ৰিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী আৰ্চাৰ অহ ঝিনয়েকক।

হকী: পুৰুষ হকীতো ভাৰতীয় দলৰ প্ৰদৰ্শন আছিল আশাব্যঞ্জক। দলটোৱে অলিম্পিক চেম্পিয়ন আৰ্জেন্টিনাক ৩-১ ব্যৱধানত পৰাস্ত কৰে। আৰু শীৰ্ষ ৮ত নিজৰ স্থান সুনিশ্চিত কৰে

বক্সিং: বক্সিঙত সতীশ কুমাৰৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৯১ কেজি শাখাত সতীশ কুমাৰে পৰাস্ত কৰে জামাইকাৰ প্ৰতিদ্বন্দী ৰিকার্ড’ ব্ৰাউনক। ইয়াকে লৈ ভাৰতৰ ৩ গৰাকী বক্সাৰে এই পৰ্যন্ত কোৱাৰ্টাৰ ফাইনেলত ভৰি দিয়ে। দিনটোৰ শেষত বৃহৎ অঘটনৰ সন্মুখীন হয় ভাৰতৰ মেডেলপ্ৰত্যাশী বক্সাৰ মেৰীকম। মহিলাৰ ফ্লাইৱেইট শাখাৰ ৰাউণ্ড অৱ ১৬ত তেওঁ পৰাস্ত হয় কলম্বিয়াৰ প্ৰতিদ্বন্দীৰ হাতত। প্রতিপক্ষ ইনগ্ৰিট ভেলেঞ্চিয়াৰ হাতত ২-৩ ব্যৱধানত পৰাজয় বৰণ কৰে ছবাৰৰ বিশ্ব চেম্পিয়নগৰাকীয়ে। ইয়াৰ লগে লগে টকিঅ’ত সামৰণি পৰিল মেৰীকমৰ পদক অভিযান

সাঁতোৰ: সাঁতোৰৰ১০০ মিটাৰ বাটাৰফ্লাইত ভাৰতৰ সজন প্ৰকাশ ব্যৰ্থ। ছেমি ফাইনেলত প্ৰৱেশত ব্যৰ্থ ভাৰতীয় সাঁতোৰবিদগৰাকী। সামগ্ৰিকভাৱে ৪৬তম স্থান লাভ কৰে সজনে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments