টকিঅ’ত ভাৰত; ২৮ জুলাইৰ ফলাফল

অলিম্পিয়া প্রতিবেদন

টকিঅ’ত বুধবাৰৰ দিনটোত ভাৰতে লাভ কৰিলে মিশ্ৰিত ফলাফল। আহকচোন ভাৰতীয় দলৰ দিনটোৰ ফলাফল চাওঁ

হকী: দিনটোৰ আৰম্ভণিতে হকীৰ জৰিয়তে আহে প্ৰথমটো বেয়া খবৰ। মহিলাৰ হকীৰ পুল এৰ এখন মেচত ভাৰত গ্ৰেট ব্ৰিটেইনৰ হাতত ৪-১ ব্যৱধানত পৰাস্ত হয়।

আৰ্চাৰী: আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত শাখাত ভাৰতৰ তৰুণদ্বীপ ৰায়ে প্ৰথমে শীৰ্ষ ৩২ৰ ৰাউণ্ডত জয়লাভ কৰে যদিও শীৰ্ষ ১৬ৰ ৰাউণ্ডত তেওঁ ৫-৬ ব্যৱধানত পৰাস্ত হয়। একেদৰে, পুৰুষৰ ব্যক্তিগত শাখাতেই ভাৰতৰ আন এগৰাকী আৰ্চাৰ প্ৰবীণ যাদৱেও শীৰ্ষ ৩২ৰ ৰাউণ্ড অতিক্ৰম কৰাৰ পিছত শীৰ্ষ ১৬ত থমকি ৰয়। মহিলাৰ ব্যক্তিগত শাখাত দীপিকা কুমাৰীয়ে মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শীৰ্ষ ৩২ৰ ৰাউণ্ডত দীপিকাই ভূটানৰ ভূ কৰ্নাক অতি সহজেই পৰাস্ত কৰি শীৰ্ষ ১৬লৈ উন্নীত হয়। ইয়াৰ পিছতে শীৰ্ষ ১৬ ৰাউণ্ডৰ খেলত কুমাৰীয়ে ১৮ বছৰীয়া আমেৰিকান প্ৰতিদ্বন্দীক ৬-৪ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

বেডমিণ্টন: দিনটোৰ প্ৰথম ভাগত শ্বাটলাৰ পি ভি সিন্ধুই প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে।
হংকঙৰ প্ৰতিপক্ষ ২১-৯, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি শীৰ্ষ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতৰ মেডেলপ্ৰত্যাশী শ্বাটলাৰগৰাকীয়ে। বেডমিণ্টনৰ পুৰুষ শাখাত ভাৰতৰ ছাই প্ৰণিথে গ্ৰুপ পৰ্যায়তে নেডাৰলেণ্ডৰ প্ৰতিপক্ষৰ হাতত পৰাস্ত হয়।

ৰোৱিং: ৰোৱিঙত ভাৰতৰ যুটীটোৱে ষষ্ঠ আৰু ছেমি ফাইনেলত অন্তিম স্থান লাভ কৰি ফাইনেল ‘বি’লৈ উন্নীত হৈছে।

ছেইলিং: ছেইলিঙত ভাৰতৰ বৰুণ ক্ৰমে ১৮,১৭ আৰু ১৯ তম স্থানত ৰেচ সমাপ্ত কৰাৰ বিপৰীতে গণপথিয়ে ২,৩ আৰু ৪ সংখ্যক স্থান লাভ কৰি ৰেচ সমাপ্ত কৰে।

বক্সিং: বক্সিঙৰ মিডলৱেইট শাখাত বক্সাৰ পূজা ৰাণীয়ে আলজেৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পূজাই ইচৰাক চেইনক ৫-০ ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় বক্সাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লি কীয়ানৰে মুখামুখি হোৱাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *