ছামিৰ কাষত থিয় দিছে সমগ্ৰ ভাৰতবাসী; এচাম ধৰ্মান্ধৰ আক্ৰমণক সৰ্বত্ৰে ধিক্কাৰ

অলিম্পিয়া প্ৰতিবেদন

কথাবোৰ কেতিয়াৰ পৰা এনে হ’ল? কিয় এনে হ’ল? যিখন দেশত ক্ৰিকেটক ধৰ্ম জ্ঞান কৰা হয়, সেইখন দেশতেই যেন আজি ক্ৰিকেটক কেন্দ্ৰ কৰি ঘৃণাৰ আশ্ৰয় লোৱা হয়ে। ভাৰতৰ দৰে দেশত ক্ৰিকেট একতাৰ প্ৰতীক। ক্ৰিকেটৰ মাজেৰেই এই দেশত বিয়পি যায় সমন্বয়ৰ বাৰ্তা। কিন্তু এসময়ৰ একতা আৰু সমন্বয়ৰ প্ৰতীক স্বৰূপ সেই ক্ৰিকেটেই যেন বৰ্তমান সময়ত হৈ পৰিছে ধৰ্মীয় বিষবাষ্প বিয়পোৱাৰ আন এক মাধ্যম।

দেওবাৰে বিশ্বকাপৰ বহু প্ৰত্যাশিত ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভল্টেজ মেচখন অনুষ্ঠিত হৈ যায়। বিশ্বকাপৰ ইতিহাসৰ সকলো সমীকৰণ উলট-পালট কৰি সেইদিনা
পাকিস্তানৰ হাতত পৰাজয় স্বীকাৰ কৰে ভাৰতে। লগে লগে অন্ত পৰে বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিপক্ষে ভাৰতৰ অপৰাজেয় ধাৰা। পাকিস্তানৰ বিপক্ষে ভাৰতৰ এই পৰাজয়ৰ পিছতেই এতিয়া এই পৰাজয়ক সহজভাৱে ল’ব পৰা নাই একাংশ ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে। বহুতে সামাজিক মাধ্যমত লক্ষ্য কৰি লৈছে ভাৰতীয় ক্ৰিকেটাৰসকলক। বিশেষকৈ একাংশই দৃষ্টিকটুভাৱে ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য পেচ বলাৰ মহম্মদ ছামিক সমালোচনাৰে থকাসৰকা কৰিছে। কেৱল সমালোচনাতেই সীমাবদ্ধ নাথাকি বহুতেই ছামিৰ ধৰ্মক লৈও কৰিছে আপত্তিজনক মন্তব্য। একাংশই খেলুৱৈগৰাকীক পাকিস্তানৰ এজেন্ট বুলি অভিহিত কৰি প্ৰকাশ কৰিছে তেওঁলোকৰে কুৎসিত মানসিকতা। আন একাংশই খেলুৱৈগৰাকীক দেশ এৰি গুচি যাবলৈ কৈছে পাকিস্তানলৈ। একাংশই ছামিৰ পিঠিত আঁৰি দিব খুজিছে দেশদ্ৰোহিতাৰ ফলক। কিন্তু কিয় এচাম ধৰ্মীয় উন্মাদৰ লক্ষ্য হৈ পৰিছে মহম্মদ ছামি? কেৱল নামৰ পিছত ছামি থকাৰ বাবেই জানো একাংশ ধৰ্মান্ধ লোকৰ আক্ৰমণৰ বলি হোৱা নাই ভাৰতীয় ক্ৰিকেটাৰজন?

অৱশ্যে সুখৰ কথা এয়াই যে, ছামিৰ প্ৰতি একাংশ আক্ৰমণাত্মক হৈ পৰাৰ বিপৰীতে সৰহসংখ্যক ভাৰতীয়ই থিয় দিছে ক্ৰিকেটাৰজনৰ কাষত। বহুতেই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ক্ৰিকেটাৰগৰাকীৰ কাষত থকাৰ প্ৰমাণ দিছে। I stand with Mohammed Shami হেছটেগেৰে সম্প্ৰতি ভৰি পৰিছে সামাজিক মাধ্যম। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰসকলেও দুৰ্যোগপূৰ্ণ এই সময়ত মহম্মদ ছামিলৈ আগবঢ়াইছে সাহসৰ বাণী। লিটল মাষ্টাৰ শচীন টেণ্ডুলকাৰে টুইটাৰত লিখিছে, ‘মহম্মদ ছামি এগৰাকী বিশ্বমানৰ বলাৰ। তেওঁৰ দায়বদ্ধতাক লৈ কোনো প্ৰশ্ন উঠিব নোৱাৰে। আন ক্ৰীড়াবিদৰ দৰেই তেওঁৰো কোনোবাটো দিন অনুকূলে নাযাব পাৰে। মই ছামিৰ লগতে সমগ্ৰ ভাৰতীয় দলৰ সৈতে আছোঁ।’ প্ৰাক্তন ভাৰতীয় অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগ আৰু পেচ বলাৰ ইৰফান পাথানেও থিয় দিছে ছামিৰ কাষত। ছেহৱাগে টুইটত উল্লেখ কৰিছে, ‘মহম্মদ ছামিৰ প্ৰতি এই ধৰণৰ বিদ্ৰুপে আমাক অবাক কৰিছে। তেওঁ এগৰাকী চেম্পিয়ন। ভাৰতীয় জাৰ্চি পৰিধান কৰা সকলৰ হৃদয়ত কোনো অনলাইন ক্ৰিকেট অনুৰাগীতকৈ বেছি দেশপ্ৰেম লুকাই থাকে।’ ইপিনে ইৰফান পাথানেও ছামিক কৰা আক্ৰমণৰ সম্পৰ্কত কৰিছে এক বিশেষ মন্তব্য। তেওঁ কৈছে, পূৰ্বতে ময়ো বহুকেইখন ভাৰত-পাকিস্তানৰ মেচত অংশ লৈছোঁ, য’ত পাকিস্তানৰ হাতত ভাৰতে পৰাজয়বৰণো কৰিছে। কিন্তু মোক কোনেও সেই সময়ত পাকিস্তানলৈ যাবলৈ কোৱা নাছিল। মই কেইবছৰমান আগৰ কথা কৈছোঁ। ‘

এনেদৰেই এতিয়া প্রাক্তন তথা বৰ্তমানৰ ক্ৰিকেটাৰ, ৰাজনৈতিক নেতা, সমাজৰ বিভিন্ন স্তৰৰ লোক থিয় দিছে মহম্মদ ছামিৰ কাষত।

Leave a Reply

Your email address will not be published. Required fields are marked *