অলিম্পিকত স্বৰ্ণিল ইতিহাস ভাৰতীয় মহিলা হকীৰ; তিনিবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমিত প্ৰৱেশ

অলিম্পিয়া প্ৰতিবেদন

অলিম্পিকৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ কৰি স্বৰ্ণিল ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় মহিলা হকী দলে। তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াক ১-০ ব্যৱধানত পৰাভূত কৰি ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰে ভাৰতীয় দলটোৱে। গ্ৰুপ পৰ্যায়ত আয়াৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি সুদীৰ্ঘ ৪১ বছৰৰ পিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতীয় দলটোৱে।

অৱশ্যে, গ্ৰুপ পৰ্যায়ত প্ৰথম অৱস্থাত দলটোৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। দলটোৱে গ্রুপৰ প্ৰথম তিনিখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছিল। নেডাৰলেণ্ড, জাৰ্মানী, ডিফেণ্ডিং চেম্পিয়ন গ্ৰেট ব্ৰিটেইনৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দলটোৱে পৰৱৰ্তী তিনিখনকৈ মেচত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *