Friday, September 30, 2022
HomeNewsঅধিনায়ক ৰূপে প্ৰথম শৃংখলাত সফল ৰোহিত: তৃতীয় এদিনীয়াত বিধ্বস্ত ৱেষ্ট ইণ্ডিজ

অধিনায়ক ৰূপে প্ৰথম শৃংখলাত সফল ৰোহিত: তৃতীয় এদিনীয়াত বিধ্বস্ত ৱেষ্ট ইণ্ডিজ

অলিম্পিয়া প্ৰতিবেদন

তৃতীয় এদিনীয়াত ভাৰতৰ হাতত বিধ্বস্ত বেষ্ট ইণ্ডিজ । শৃংখলাত ক্লিন চুইপ। বিজয়ী ট্ৰফী লৈ উল্লাস টীম ইণ্ডিয়াৰ ।

আহমেদাৰবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত শক্তিশালী ৰূপত মেন ইন ব্লু । শুক্ৰবাৰে অনুষ্ঠিত তৃতীয় এদিনীয়াত ভাৰতে ৯৬ ৰাণত পৰাভূত কৰিলে আলহী দল ৱেষ্ট ইণ্ডিজক । তিনিখন মেচতে জয়ৰ গৌৰৱৰে ৩-০ ৰে ক্লিন চুইপ কৰিলে ৰোহিত বাহিনীয়ে ।
নতুন এদিনীয়া অধিনায়ক হোৱাৰ পাছত ৰোহিত শৰ্মাৰ আছিল এয়া প্ৰথমটো শৃংখলা । জয়েৰে আৰম্ভ ৰোহিত শৰ্মাৰ অধিনায়কৰ কেৰিয়াৰ । তৃতীয় এদিনীয়াত ভাৰতে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ২৬৫ ৰাণ । ভাৰতৰ দুৰ্ধৰ্ষ বেটছমেন শ্ৰেয়াছ আয়াৰে ১১১ টা বলত ৮০ ৰাণৰ সুন্দৰ ইংনিছ খেলে । সেইদৰে ভাৰতৰ ঋষভ পন্তৰ ৫৬ ৰাণ আৰু দীপক চাহাৰৰ ৩৮ ৰাণৰ বৰঙণিয়ে দলটোক জয়ী হোৱাত সহায় কৰে । ইয়াৰ বিপৰীতে, ৱেষ্ট ইণ্ডিজ দলটোৱে ৩৭.১ অভাৰত মাত্র ১৬৯ ৰাণ সংগ্ৰহেৰে পেভিলিয়নলৈ উভতি আহে ।
ৱেষ্ট ইণ্ডিজৰ ওডিয়ন স্মিথৰ ৩৬ ৰাণ, নিক’লাচ প’ৰাণৰ ৩৪ ৰাণ আৰু এলজাৰী যোচেফৰ ২৯ ৰাণেও জয়ী কৰাব নোৱাৰিলে দলটোক ।

বলিঙত ভাৰতীয় ক্ৰিকেটাকে পুনৰ আনিলে চুনামী । কাইৰন প’লাৰ্ডৰ ঠাইত অধিনায়কত্ব কৰি থকা নিকোলাছ প’ৰাণ ভাৰতীয় দুৰ্ধৰ্ষ বলাৰ কুলদীপ যাদৱৰ হাতত চিকাৰ হয় । আনহাতে, ভাৰতৰ হৈ মহম্মদ চিৰাজে ৩ টা ,প্ৰসিদ্ধ কৃষ্ণই ৩ টা আৰু দীপক চাহাৰে ২ টা উইকেট দখল কৰে ।

এক কথাত ভাৰতৰ বিশাল ৰাণৰ স্কৰত থৰকাচুতি হেৰুৱালে টীম ৱেষ্ট ইণ্ডিজে । ৰোহিত বাহিনীৰ এই জয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীলৈ । তেওঁলোকৰ আশা- -ভাৰতীয় তাৰকা ক্ৰিকেটাৰৰ এই বেটিং তাণ্ডৱ আৰু বলিঙ চুনামিৰ উদ্যম অব্যাহত থাকক । অনাগত মেচসমূহতো ৰোহিত বাহিনীয়ে ক্ৰিকেট মৈদানত প্ৰদৰ্শন কৰক নিজৰ বীৰত্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments