Friday, September 30, 2022
HomeNewsন ন অভিলেখৰ সাক্ষী হৈ ৰ'ল ৱাংখাড়ে ষ্টেডিয়াম

ন ন অভিলেখৰ সাক্ষী হৈ ৰ’ল ৱাংখাড়ে ষ্টেডিয়াম

অলিম্পিয়া প্ৰতিবেদন

ভ্ৰমনকাৰী নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতে ৩৭২ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি এক নতুন অভিলেখ গঢ়ে । ইয়াৰ পূৰ্বে ভাৰতে কেতিয়াও ইমান বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ নজিৰ নাই । ইয়াৰ পূৰ্বে ২০১৫ চনত নতুন দিল্লীত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৩৭ ৰাণত জয় লাভ কৰিছিল । এই জয়েৰে ভাৰতীয় দলে নিউজিলেণ্ডৰ বিৰুদ্ধে দুখনীয়া মেচৰ টেষ্ট শৃংখলাটো ১-০ ব্যৱধানত হস্তগত কৰিলে । দুই দলৰ মাজৰ কাণপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত প্ৰথমখন টেষ্ট অমীমাংসিত হৈ আছিল। মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত ভাৰতীয় দলৰ অপেনাৰ ময়াংক আগৰৱাল আৰু দলৰ স্পিনাৰসকলৰ সবল ভূমিকাৰ বাবে মাত্ৰ ৪ দিনতে মেচখনৰ ফলাফল ওলায় । টিম ইণ্ডিয়াই মায়ংকৰ ১৫০ ৰানৰ সুবাদত সংগ্ৰহ কৰে ৩২৫ ৰান । প্ৰতিপক্ষৰ বাওঁহতীয়া স্পীনাৰ এজাজ পেটেলে ১০ টা উইকেট দখল কৰি আন এক কৃতিত্ব গঢ়ে । প্ৰত্যুত্তৰত চূড়ান্ত বেৰ
টিঙ ব্যৰ্থতাৰে নিউজিলেণ্ডে ইনিংছ সামৰে মাত্ৰ ৬২ ৰানত । ভাৰতে দ্বিতীয় ইনিংছত ৭ উইকেটত সংগ্ৰহ কৰা ২৭৬ ৰাণৰ বিপৰীতে ১৬৭ ৰাণতে দ্বিতীয় ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে ভ্ৰমণকাৰী দলটোৱে। এইটো ইনিংছত চাৰিটাকৈ উইকেট লাভ কৰে ৰবিচন্দন অশ্বিন আৰু জয়ন্ত যাদৱে । প্ৰথম ইনিংছত ১৫০ ৰান কৰা মায়াংকে দ্বিতীয় ইনিংছত কৰে ৬২ ৰান । তেওঁক মেন অৱ দা মেচ আৰু মুঠ ৮ টা উইকেট দখল কৰা ৰবিচন্দন অশ্বিনক মেন অৱ দা ছিৰিজ ট্ৰফী দিয়া হয়। প্ৰথম ইনিংছত দহটা উইকেট লাভ কৰা নিউজিলেণ্ডৰ বলাৰ এজাজ পেটেলে মেচখনত মুঠ ১৪ টা উইকেট দখল কৰি আন এক অভিলেখৰ গৰাকী হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments