Wednesday, October 5, 2022
HomeNewsযুৱ বিশ্বকাপ ক্ৰিকেটৰ বিশ্ব শ্ৰেষ্ঠ দলত ৩ ভাৰতীয়, ২ পাকিস্তানী, ১ বাংলাদেশী

যুৱ বিশ্বকাপ ক্ৰিকেটৰ বিশ্ব শ্ৰেষ্ঠ দলত ৩ ভাৰতীয়, ২ পাকিস্তানী, ১ বাংলাদেশী

অলিম্পিয়া প্ৰতিবেদন

ৱেষ্ট ইণ্ডিজত সদ্যসমাপ্ত ১৯ বছৰ অনূৰ্দ্ধ অৰ্থাৎ যুৱ বিশ্বকাপৰ প্ৰদৰ্শনৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিল (আই চি চি )য়ে বিশ্বৰ শ্ৰেষ্ঠ একাদশৰ নাম ঘোষণা কৰিছে । ইয়াৰ ভিতৰত চেম্পিয়ন দল ভাৰতৰ অধিনায়ক যশ ধুলক টুৰ্ণামেন্টৰ সবাতোকৈ মূল্যবান খেলুৱৈ ৰূপে চিহ্নিত কৰা হৈছে । বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতৰাণ কৰা ধুলে মুঠ ২২৯ ৰাণ সংগ্ৰহ কৰে ।টুৰ্ণামেন্টৰ মাজ ভাগতে ভাৰতৰ এই অধিনায়ক গৰাকীয়ে কৰুণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল । তালিকাৰ প্ৰথম স্থানত আছে পাকিস্তানৰ উইকেট কীপাৰ হাছিবুল্লাহ খান । বিশ্বকাপত তেওঁ হ’ল দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী (৩৮০) । দ্বিতীয় স্থানত আছে এইবাৰৰ বিশ্বকাপত পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহ কৰোতা অষ্ট্ৰেলিয়াৰ টাগ উইলি । তৃতীয় স্থানত আছে এইবাৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী দক্ষিণ আফ্ৰিকাৰ ডেৱাল্ড ব্ৰেভিছ ( ৫০৬) । চতুৰ্থ স্থানত আছে চেম্পিয়ন দল ভাৰতৰ অধিনায়ক যশ ধূল । পঞ্চমত আছে বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ইংলেণ্ডৰ টম প্ৰেষ্ট (২৯২ ) । ষষ্ঠত আছে শ্ৰীলংকাৰ অলৰাউণ্ডাৰ ডুনিথ ৱেল্লালাগে।তেওঁ এইবাৰ ২৬৪ ৰাণ কৰাৰ লগতে ১৭ টা উইকেট দখল কৰি সৰ্বাধিক উইকেট লাভ কৰিছে । সপ্তমত আছে যুৱ বিশ্বকাপৰ ইতিহাসত শ্ৰেষ্ঠ বলাৰ ৰূপে উদ্ভাসিত ভাৰতৰ ৰাজ বাৱা । ফাইনেলত তেওঁ ৩১ ৰাণৰ বিনিময়ত ৫ টা উইকেট দখল কৰে । তদুপৰি উগাণ্ডাৰ বিৰুদ্ধে তেওঁ অপৰাজিত ১৬২ ৰাণ কৰে– যিটো এইবাৰৰ বিশ্বকাপত সৰ্বোচ্চ ব্যক্তিগত স্কৰ । অষ্টমত আছে এই বিশ্বকাপত ১২ টা উইকেট দখল কৰা ভাৰতৰ ভিকি অষ্টৱাল । ফাইনেলত তেওঁ উইকেট নাপালেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৬ ৰাণৰ বিনিময়ত লাভ কৰিছিল ৫ টা উইকেট ।নৱমত আছে এইবাৰ ১৪ টা উইকেট লাভ কৰা বাংলাদেশৰ ৰিপন জ’ন । দশমত আছে ৬ খন মেচত ১৫ টা উইকেট লাভ কৰা পাকিস্তানৰ আৱাইছ আলী । একাদশ স্থানত আছে অত্যন্ত কম ৰাণৰ বিনিময়ত ১৫ টা উইকেট দখল কৰা ইংলেণ্ডৰ জাছোৱা বইডেন । টুৱেলভ মেন হিচাপে আছে এইবাৰ মুঠ ১০ টা উইকেট লাভ কৰা আফগানিস্তানৰ নুৰ আহমেদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments