সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া প্ৰৰ্দশনেৰে টকিঅ পেৰালিম্পিকত ১৯ টাকৈ পদক লাভ ভাৰতৰ ।সগৌৰৱৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন পেৰালিম্পিয়ানৰ।

অলিম্পিয়া প্ৰতিবেদন

বিশ্বজয় কৰি স্বদেশলৈ উভতি আহিছে তেওঁলোক। ভাৰতৰ বাবে সৰ্বমুঠ ১৯ টা পদক উপহাৰৰে সগৌৰৱেৰে ভাৰতৰ ভূমিত ভৰি দিছে পেৰা খেলুৱৈসকলে। বিশ্ববাসীৰ আগত ভাৰতক এক উন্নত শিখৰলৈ উত্তোলন কৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন পেৰাখেলুৱৈৰ। স্বদেশত ভৰি দিয়েই পেৰালিম্পিয়ানৰ মুখত “ভাৰত মাতা কি জয়, বন্দে মাতৰম ধ্বনি “। প্ৰতিজন ক্ৰীড়াপ্ৰেমী ভাৰতীয়ৰ বাবে ইয়াতকৈ আনন্দৰ মুহুৰ্ত আৰু কি হ’ব পাৰে? দেওবাৰে টকিঅ’ত সামৰণি পৰিল পেৰালিম্পিক ২০২০ ৰ।
২৪ আগষ্টৰ পৰা আৰম্ভ হোৱা এইবাৰৰ পেৰালিম্পিকত বিভিন্ন দেশৰ পেৰা খেলুৱৈসকলে দাঙি ধৰিলে নিজৰ ক্ৰীড়া নৈপূনতা। বিশ্বৰ আন আন দেশৰ সামান্তৰালকৈ ভাৰতীয় পেৰা খেলুৱৈ সকলে যে কোনো গুণে কম নহয়, তাকেই প্ৰতিপন্ন কৰিলে টকিঅ’ত।ভাৰতৰ বাবে হয়তো কল্পনাৰো অগোচৰ আছিল ১৯ টাকৈ পদক। পিছে এই অসাধ্য সাধন কৰি দেখুৱালে ভাৰতীয় পেৰা খেলুৱৈ সকলে। ৫ টা স্বৰ্ণ, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জ পদক লাভেৰে পদকৰ তালিকাত ২৪ নম্বৰ স্থানত অৰ্ন্তভুক্ত হ’ল ভাৰতৰ নাম। এক স্মৰণীয় ইতিহাস ।সৰ্বকালৰ সৰ্বোত্তম ক্ৰীড়া প্ৰৰ্দশনেৰে সৰ্বোচ্চ পদক লাভ ভাৰতৰ। ২০৭ টা পদক লাভেৰে শীৰ্ষত থাকিল চীন।
দেওবাৰে সামৰণি দিনটোত ভাৰতে লাভ কৰিছিল দুটাকৈ পদক। পেৰা বেডমিন্টন খেলুৱৈ কৃষ্ণ নগৰৰ স্বৰ্ণ আৰু আই এছ বিষয়া তথা বেডমিন্টন খেলুৱৈ সুহাস য়াথিৰাজৰ ৰূপৰ পদক অৰ্জন। ৰূপৰ পদকেৰে ভাৰতৰ বাবে টকিঅ পেৰালিম্পিকত ভাবিনা পেটেলে কৰিছিল পদকৰ আৰম্ভণি আৰু স্বৰ্ণজয়ৰে ভাৰতীয় পেৰা খেলুৱৈ কৃষ্ণ নগৰে ঘটালে সফল সামৰণি। ইফালে ৰূপৰ পদক অৰ্জন কৰি আবেগিক সুহাস য়াথিৰাজ। পদক লাভৰ পাছতেই প্ৰকাশ কৰিলে নিজৰ মনোভাৱ।
আনহাতে স্বৰ্ণজয়ী পেৰা বেডমিন্টন খেলুৱৈ প্ৰমোদ ভগতে তেওঁৰ প্ৰাপ্ত মেডেল দেশ তথা মৃত পিতৃ-মাতৃৰ নামত উছৰ্গা কৰিলে। প্ৰমোদ ভগতে স্বৰ্ণ জয়ৰ পাছতেই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।ব্ৰঞ্জজয়ী পেৰা বেডমিন্টন খেলুৱৈ মনোজ চৰকাৰে সমগ্ৰ ভাৰতবাসীৰ লগতে প্ৰধান প্ৰশিক্ষক তথা পেৰালিম্পিক কমিটি অন ইণ্ডিয়াক জনালে ধন্যবাদ। পদক অৰ্জন কৰি উৎফুল্লিত মনোজ চৰকাৰ।
এতিয়া নিজম পৰিল টকিঅ’ পেৰালিম্পিক। পোৱা-নোপোৱাৰ অনুভৱ লৈ ঘৰমুৱা হল বিশ্বৰ পেৰা ক্ৰীড়াবিদসকল। কিন্তু পেৰালিম্পিকে বিশ্বৰ আগত দি গ’ল শান্তি তথা সম্প্ৰতিৰ বাৰ্তা। বুকুত মেটমৰা স্মৃতি লৈ
ভাৰতীয় পেৰা খেলুৱৈৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন।এইসকল ভাৰতৰ ৰিয়েল হিৰো’য়ে লগত লৈ আহিছে স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক।ইতিহাস সৃষ্টিকাৰী এইসকল পেৰা খেলুৱৈক ভাৰতৰ কোটি কোটি জনতাই জনাইছে এতিয়া লাল চালাম।

Leave a Reply

Your email address will not be published. Required fields are marked *