Monday, October 3, 2022
HomeNewsএছিয়ান চেম্পিয়নশ্বিপৰ বাবে ঢাকালৈ ৰাওনা ভাৰতীয় হকীদলৰ

এছিয়ান চেম্পিয়নশ্বিপৰ বাবে ঢাকালৈ ৰাওনা ভাৰতীয় হকীদলৰ

অলিম্পিয়া প্ৰতিবেদন

অহা ১৪ ডিচেম্বৰৰ পৰা বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত আৰম্ভ হ’ব এছিয়ান চেম্পিয়নছ ট্ৰফি হকী টুৰ্ণামেন্ট । খিতাপ পুনৰ অক্ষুন্ন ৰখাৰ বাবে শুক্ৰবাৰে ভাৰতীয় পুৰুষ হকী দলটো ঢাকালৈ ৰাওনা হয় । এই টুৰ্ণামেন্টত ভাৰতে কোৰিয়া, জাপান, মালয়েছিয়া,পাকিস্তান আৰু আয়োজক বাংলাদেশৰ বিৰুদ্ধে যুঁজ দিব । সম্পুৰ্ণ ৪১ বছৰৰ অপেক্ষা অন্তত টকিঅ’ অলিম্পিক গেমছৰ পডিয়ামত থিয় দিয়াৰ পিছত ভাৰতৰ বাবে এয়ে হ’ব প্ৰথম আন্ত:ৰাষ্ট্ৰীয় টুৰ্ণামেন্ট । টকিঅ’ত ব্ৰঞ্জৰ পদক বিজয়ী দলটোৰ অধিনায়ক মনপ্ৰিত সিঙে এই সন্মানজনক প্ৰতিযোগিতাখনত ভাৰতে পুৰ্বৰ গৌৰৱ অক্ষুন্ন ৰখাৰ হকে যুঁজ দিব বুলি প্ৰকাশ কৰে । ভাৰতীয় দলে উড়িষাৰ ৰাজধানী চহৰ ভূৱেনশ্বৰত এক শিৱিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে ।প্ৰতিযোগিতাৰ উদ্ধোধনী মেচত ভাৰতে কোৰিয়াৰ বিৰুদ্ধে খেলিব । উল্লেখ্য যে যোৱাবাৰ ভাৰতত অনুস্থিত টুৰ্ণামেন্টখনত ভাৰত আৰু পাকিস্তানক যুটীয়া বিজয়ী বুলি ঘোষণা কৰা হৈছিল।কাৰণ ফাইনেলৰ দিনা ধাৰাষাৰ বৰষুণৰ বাবে উক্ত মেচখন বাতিল কৰিব লগা হৈছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments