Sunday, October 2, 2022
HomeNewsইণ্ডিয়া অপেন বেডমিন্টনত কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহাৰ

ইণ্ডিয়া অপেন বেডমিন্টনত কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহাৰ

অলিম্পিয়া প্ৰতিবেদন

নতুন দিল্লীত চলি থকা য়নেক্স – ছানৰাইছ ইণ্ডিয়া অপেন বেডমিন্টনত দেশৰ ৭ গৰাকী শীৰ্ষস্থানীয় খেলুৱৈ কভিডত আক্ৰান্ত হোৱাৰ দুখ:জনক বাতৰিৰ মাজতে কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে অসম কন্যা অস্মিতা চলিহাই । মঙ্গলবাৰে ১ম ৰাউণ্ডৰ মেচত জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাৰ পাছত বৃহস্পতিবাৰে পুৱাই এই শুভ বাৰ্তা দিলে অস্মিতাই । ভোগালী বিহুৰ প্ৰাকক্ষণত অস্মিতাৰ এই সাফল্য‌ই ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীক আনন্দিত কৰিছে । নতুন দিল্লীৰ কে দি যাদৱ ইনড’ৰ হলত দ্বিতীয় ৰাউণ্ডৰ মেচত অস্মিতাই পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে ফ্ৰান্সৰ ইয়ালি হয়েক্সক । মেচখনত দুৰ্দান্ত পদক্ষেপ দাঙি ধৰি অস্মিতাই ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক ২১-১৭, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয় । উল্লেখ্য যে বেডমিণ্টন বিশ্ব ফেডাৰেচনৰ ৱৰ্ল্ড ট্যুৰ ৫০০ টুৰ্ণামেন্ট ছিৰিজ হিচাপে গণ্য কৰা এই সন্মানজনক টুৰ্ণামেন্টখনত বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ শ্বাটলাৰে অংগ্ৰহণ কৰিছে । অস্মিতাই প্ৰথম ৰাউণ্ডত ৫ম বাছনিৰ ৰাছিয়ান খেলুৱৈ ইভজেনিয়া কছেত্ৰাস্কায়াক ২৪-২২ ২১-১৬ ব্যৱধানত স্তব্ধ কৰি সকলোকে চমকিত কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments