Thursday, July 7, 2022
HomeNewsভাৰতীয় ক্ৰিকেট দলক লৈ ৰাণাতুংগাৰ খং

ভাৰতীয় ক্ৰিকেট দলক লৈ ৰাণাতুংগাৰ খং

 

একেটা সময়তে ভাৰতীয় ক্ৰিকেটৰ দুটা দল আছে বিদেশ ভ্ৰমণত। বিৰাট কোহলিৰ নেতৃত্বাধীন তাৰকাসমৃদ্ধ ভাৰতীয় দলটো আছে বৰ্তমান ইংলেণ্ড ভ্ৰমণত। আনহাতে শিখৰ ধৱণ নেতৃত্বাধীন ভাৰতৰ আন এটা দল আছে বৰ্তমান শ্ৰীলংকা ভ্ৰমণত।যি নিশ্চিত ভাবেই দ্বিতীয় শাৰীৰ দল।বৰ্তমান শ্ৰীলংকা দলতো আছে ইংলেণ্ড ভ্ৰমণত। অতি কৰুণ অৱস্থা তেওঁলোকৰ। উপৰ্যুপৰি পৰাজয় গৰাহত দলটো।  শ্ৰীলংকাত তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ খেলিব শিখৰ ধৱন নেতৃত্বাধীন ভাৰতীয় দলে। মূলতঃ যুৱ খেলুৱৈৰে গঠিত এই দলটোৰ প্ৰশিক্ষক হিচাপে গৈছে দ্য ৱালখ্যাত ৰাহুল দ্ৰাবিড়। কিন্তু শ্ৰীলংকা ক্ৰিকেট দলৰ ১৯৯৬ বিশ্বকাপ জয়ী অধিনায়ক ৰাণাতুংগা  এই ক্ষেত্ৰত অলপো সন্তুষ্ট নহয়। “দ্বিতীয় শাৰীৰ দল এটা প্ৰেৰণ কৰি ভাৰতে আমাক অপমান কৰাৰ দৰে হৈছে। ইয়াৰ বাবে দায়ী শ্ৰীলংকান ক্ৰিকেট বৰ্ড। কেৱল ধনৰ বাবেই এয়া কৰা হৈছে”- সংবাদ মাধ্যমক এইদৰে কয় ৰাণাতুংগায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments