জুনিয়ৰ পুৰুষ হকী বিশ্বকাপ ২০২১; ফ্ৰান্সৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব ভাৰতে

অলিম্পিয়া প্রতিবেদন

ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া FIH জুনিয়ৰ পুৰুষ হকী বিশ্বকাপৰ প্ৰথমখন খেলত ভাৰত ফ্ৰান্সৰে মুখামুখি হ’ব। ২৪ নৱেম্বৰত ফ্ৰান্সৰ বিৰুদ্ধে অভিযানত নামিব ভাৰতীয় দলটো। ভাৰতক বিশ্বকাপৰ গ্ৰুপ ‘বি’ৰ তালিকাত কানাডা, ফ্ৰান্স, আৰু পোলেণ্ডৰ সৈতে ৰখা হৈছে। তালিকা এ’ত বেলজিয়াম, চিলি, মালেইছিয়া আৰু দক্ষিণ আফ্ৰিকাক স্থান দিয়া হৈছে ।ইফালে তালিকাখনৰ ‘চি’ গ্ৰুপত কোৰিয়া, নেদাৰলেণ্ড, স্পেইন আৰু আমেৰিকা তথা গ্ৰুপ ‘ডি’ত আৰ্জেণ্টনা, ইজিপ্ত,জাৰ্মানী আৰু পাকিস্তানক ৰখা হৈছে। জুনিয়ৰ পুৰুষ বিশ্বকাপৰ আয়োজক দেশ ভাৰতত খেলখন ২৪ নৱেম্বৰ পৰা ৫ ডিচেম্বৰ ২০২১ লৈ হ’ব। ছেমি ফাইনেল খেলখন ৩ ডিচেম্বৰ আৰু ফাইনেলখন ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *