ভাৰতৰ শ্ৰীলংকা ভ্ৰমণৰ সময়সূচী প্ৰকাশ

অলিম্পিয়া প্রতিবেদন

যি সময়ত ভাৰতীয় দলটো ইংলেণ্ড ভ্ৰমণত ব্যস্ত থাকিব, সেই সময়তে দ্বিতীয় এটা ভাৰতীয় দলে শ্ৰীলংকাত এদিনীয়া আৰু টি-টুৱেন্টি শৃংখলাত অংশ ল’ব। উদীয়মান ক্ৰিকেটাৰৰে গঠিত ভাৰতীয় দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব ৰাহুল দ্ৰাবিড়। ইপিনে শিখৰ ধাৱান তথা হাৰ্ডিক পাণ্ডিয়াই এদিনীয়া আৰু টি টুৱেন্টি দলৰ নেতৃত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

শৃংখলাটোৰ সম্প্ৰসাৰণৰ স্বত্ব লাভ কৰা চনী স্পৰ্টছে সামাজিক মাধ্যম যোগে সোমবাৰে শৃংখলাটোৰ সময়সূচী প্ৰকাশ কৰে। ভাৰতে এই ভ্ৰমণকালত তিনিখন এদিনীয়া আৰু সমানসংখ্যক টি-টুৱেন্টিত অংশ লব। দলটোৱে ১৩, ১৬ আৰু ১৮ জুলাইত এদিনীয়াত অংশগ্ৰহণ কৰাৰ বিপৰীতে ২১, ২৩ আৰু ২৫ জুলাইত টি-টুৱেন্টি মেচকেইখনত ভাগ ল’ব।

উল্লেখযোগ্য যে ভাৰতীয় ক্ৰিকেট ইতিহাসত পোন প্ৰথমবাৰৰ বাবে একে সময়তে দুটাকৈ ভাৰতীয় দলে কোনো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশ ল’ব। ভাৰতৰ এটা দল শ্ৰীলংকাৰ বিপক্ষে অৱতীৰ্ণ হোৱাৰ সময়তে বিৰাট কোহলি নেতৃত্বাধীন আনটো দলে ইংলেণ্ডৰ বিপক্ষে ৫ খনীয়া টেষ্ট শৃংখলাত ভাগ ল’ব। সৌ সিদিনা কোহলি নেতৃত্বাধীন ভাৰতীয় দলটো ইংলেণ্ডত উপস্থিত হৈছেগৈ। ইংলেণ্ডত তেওঁলোক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে অৱতীৰ্ণ হ’ব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অহা ১৮ জুনৰ পৰা আৰম্ভ হব।

Leave a Reply

Your email address will not be published. Required fields are marked *