অলিম্পিয়া প্ৰতিবেদন
২৭ নৱেম্বৰৰ পৰা ১৯ জানুৱাৰীলৈ অষ্ট্ৰেলিয়া ভ্ৰমণসূচীলৈ যোৱা ভাৰতীয় ক্ৰিকেট দলটোৰ অভিযান আজিৰ পৰা ছিডনীত আৰম্ভ হৈছে। টছত জিকি প্ৰথমে বেটিং কৰিবলৈ নমা অষ্ট্ৰেলিয়া দলটোৱে বাতৰি লিখাৰ পৰলৈকে ২১ অভাৰ ৫ টা বলত সংগ্ৰহ কৰিছে ১১৪ ৰান।
ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত তিনিখন এদিনীয়া, চাৰিখন টেষ্ট মেচৰ লগতে তিনিখন টি টুৱেন্টিত ভাগ ল’ব। ইতিমধ্যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। অৱশ্যে সম্ভাব্য একাদশৰ ছবিখন এই পৰ্যন্ত স্পষ্ট হোৱা নাই।
এই সূচী মতে তিনিখন এদিনীয়াৰ প্রথমখন মেচ ২৭ নৱেম্বৰত ছিডনীত অনুষ্ঠিত হ’ব। তৃতীয় তথা অন্তিমখন এদিনীয়া ২ ডিচেম্বৰত কেনবেৰাত অনুষ্ঠিত হ’ব। দল দুটাই ক্ৰমে চাৰি, ছয় আৰু আঠ ডিচেম্বৰত খেলিব তিনিখনকৈ টি টুৱেন্টি মেচ।
ইপিনে, চাৰিখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব এডিলেইডত। শৃংখলাৰ দ্বিতীয়খন মেচ দিবা-নৈশ হ’ব। ইয়াৰ পিছত ছিডনি আৰু ব্ৰিছবেনত পিছৰ দুখন টেষ্ট অনুষ্ঠিত হ’ব।
অষ্ট্ৰেলিয়া বনাম ভাৰতৰ সম্পূৰ্ন সূচী তলত দিয়াধৰণৰ:
২৭ নৱেম্বৰ, প্ৰথম এদিনীয়া-ছিডনী
২৯ নৱেম্বৰ, দ্বিতীয় এদিনীয়া- ছিডনী
২ ডিচেম্বৰ, তৃতীয় এদিনীয়া- কেনবেৰা
৪ ডিচেম্বৰ, প্ৰথম টি-টুৱেন্টি- কেনবেৰা
৬ ডিচেম্বৰ, দ্বিতীয় টি-টুৱেন্টি- ছিডনী
৮ ডিচেম্বৰ, তৃতীয় টি-টুৱেন্টি-ছিডনী
১৭-২১ ডিচেম্বৰ, প্ৰথম টেষ্ট- এডিলেইড
২৬-৩০ ডিচেম্বৰ, দ্বিতীয় টেষ্ট- মেলবৰ্ণ
৭-১১ জানুৱাৰী, তৃতীয় টেষ্ট- ছিডনী
১৫-১৯ জানুৱাৰী, চতুৰ্থ টেষ্ট- ব্ৰিছবেন