Tuesday, October 4, 2022
HomeNews* ভাৰত - নিউজিলেণ্ড প্ৰথম টেষ্ট,অভিষেক মেচত শতৰাণ শ্ৰেয়াস আয়াৰৰ

* ভাৰত – নিউজিলেণ্ড প্ৰথম টেষ্ট,অভিষেক মেচত শতৰাণ শ্ৰেয়াস আয়াৰৰ

অলিম্পিয়া প্ৰতিবেদন

কামপুৰৰ গ্ৰীণ পাৰ্কত ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথম টেষ্টত ঘৰুৱা দলটোয়ে ৪৯ ৰাণত অগ্ৰগতি লৈছে । প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰা ৩৪৫ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডৰ সংগ্ৰহ আছিল ২৯৬ ৰান । শনিবাৰে তৃতীয় দিনা খেল সামৰণি পৰা লৈকে দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতে পাঁচ অভাৰত এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ১৪ ৰান । হাতত ৯টা উইকেট বাকী থকা অৱস্থাত সামগ্ৰিকভাৱে ঘৰুৱা দলটোৱে ৬৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

মেচখনত প্ৰথম দিনা অৰ্ধশতকেৰে অপৰাজিত হৈ ৰোৱা শ্ৰেয়াস আয়াৰে অভিষেক টেষ্টতে শতৰাণ অৰ্জন কৰে। মেচখনত আয়াৰে ১০৫ ৰান কৰি আউট হয় যদিও অভিষেক টেষ্টতে শতৰাণ অৰ্জন কৰা দেশৰ ১৬ গৰাকী বেটছমেনৰ তালিকাত স্থান লাভ কৰে। সন্মানজনক এই তালিকাত আছে সৌৰভ গাঙ্গুলী , মহম্মদ আজাহাৰুদ্দিন , ৰোহিত শৰ্মা, বীৰেন্দ্ৰ শেহৱাগ , শিখৰ ধাৱান আদি । নিউজিলেণ্ডৰ হৈ দুই অপেনাৰ টম লাথাম আৰু উইল ইয়ঙে ভাৰতীয় বলাৰৰ বিৰুদ্ধে ধৰ্য্যশীল ইনিংছ খেলে । লাথামে ৯৫ আৰু ইয়ঙে ৮৯ ৰানৰে দলৰ ভেটি মজবুত কৰিলেও বাকীসকল বেটছমেনে সেই দৃঢ়তা দেখুৱাব নোৱাৰিলে। বলিঙত ভাৰতৰ হৈ অক্ষৰ পেটেলে ৫ টা আৰু ৰবিচন্দ্ৰন অশ্বিনে ৩ টা উইকেট দখল কৰে । শনিবাৰে দ্বিতীয় ইনিংছত অপেনাৰ শুভমন গিলে কাইল জেনিছনৰ বলত ১ ৰান কৰিয়েই পেভেলিয়নমূখী হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments