অলিম্পিয়া প্ৰতিবেদন
কানপুৰৰ গ্ৰীণ পাৰ্কত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু নিউজিলণ্ডৰ প্ৰথম ক্ৰিকেট টেষ্ট । টছত জয়লাভ কৰি ভাৰতে প্ৰথমে বেট ধৰি দিনান্তত ৮৪ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৫৮ ৰান । শ্ৰেয়াস আয়াৰে অভিষেক টেষ্টত ৭৫ ৰাণত বেটিং কৰি আছে ।তেওঁৰ এই অৰ্ধশতকীয় ইনিংছটোত আছিল ২ টা অভাৰ বাউণ্ডেৰী আৰু ৭ টা বাউণ্ডেৰী । তেওঁৰ উপৰি অপেনৰ শুভমন গিলে ৫২ ৰান কৰি আউট হয় যদিও ৫০ ৰাণত বেটিং কৰি আছে ৰবীন্দ্ৰ জাদেজাই। অজিংক্য ৰাহানেৰ বেটৰ পৰা আহে ৩৫ ৰান । নিউজিলেণ্ডৰ হৈ কাইল জেমিছনে ৩ টা উইকেট দখল কৰে।