Monday, October 3, 2022
HomeNewsআহমেদাবাদত টীম ইণ্ডিয়াৰ চুনামী : দৰ্শকৰ ৰূপত ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপজয়ী যুৱ...

আহমেদাবাদত টীম ইণ্ডিয়াৰ চুনামী : দৰ্শকৰ ৰূপত ১৯ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপজয়ী যুৱ খেলুৱৈসকল

অলিম্পিয়া প্ৰতিবেদন

আহমেদাবাদত টীম ইণ্ডিয়াৰ চুনামী । দুৰ্দান্ত ৰূপত ভাৰতীয় ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণ । বিজয়ধাৰা অব্যাহত মেন ইন ব্লুৰ।দ্বিতীয় এদিনীয়াত ভাৰতৰ হাতত বিধ্বস্ত বেষ্ট ইণ্ডিজ ।

অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত আহমেদাবাদত চলি আছে ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া মেচ। বুধবাৰে দ্বিতীয় এদিনীয়াত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিলে নিজৰ পৰাক্ৰম । বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰতে ৱেষ্ট ইণ্ডিজক ৪৪ ৰাণত পৰাস্ত কৰি তিনিখন মেচৰ দ্বিপাক্ষিক শৃংখলাটো হস্তগত কৰে । তিনিখন খেলৰ এই শৃংখলাত ঘৰুৱা দলটোৰ এয়া দ্বিতীয় জয় । প্ৰথমে বেটিং কৰি ভাৰতে ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ২৩৭ ৰাণ । ভাৰতৰ হৈ সূৰ্য কুমাৰ যাদৱে ৬৫ আৰু কে এল ৰাহুলে ৪৯ ৰাণৰ বৰঙণি আগবঢ়ায় ।
কিন্ত ভাৰতীয় দুৰ্ধৰ্ষ বলাৰৰ সন্মুখত তিস্তিব নোৱাৰি ৪৬অভাৰত ১৯৩ ৰাণতে ইংনিছ সামৰে ৱেষ্ট ইণ্ডিজে । দ্বিতীয় এদিনীয়াত জিলিকিল যুৱ পেচাৰ প্ৰসিদ্ধ কৃষ্ণ । তেওঁ ৯ টা অভাৰত ১২ ৰাণৰ বিনিময়ত দখল কৰে ৪ টা উইকেট । ৱেষ্ট ইণ্ডিজৰ হৈ শ্বামাৰ ব্ৰুকচে ৪৪ ৰাণ, আকিল হুচেইনে ৩৪ , ছাই হোপছে ২৭ ৰাণ, ওডিয়ন স্মিথৰ ২৪ ৰাণৰ বৰঙণিয়েও বিজয়ী কৰাব নোৱাৰিলে দলটোক । মেন অৱ দ্য মেচৰ সন্মান অৰ্জন কৰে ভাৰতীয় বলাৰ প্ৰসিদ্ধ কৃষ্ণই ।
উল্লেখযোগ্য যে, অহা শুক্ৰবাৰ ১১ ফেব্ৰুৱাৰীত তৃতীয় তথা অন্তিম এদিনীয়া মেচখনত ভাৰতে পুনৰ যুঁজিব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ।
এই দ্বিতীয় এদিনীয়াত ভাৰত-ৱেষ্ট ইণ্ডিজৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলত গেলাৰীত আছিল বিশেষ দৰ্শক । ১৯ বছৰ অনূৰ্দ্ধ বিশ্বকাপ জয়ী খেলুৱৈসকলে উপভোগ কৰিলে ছিনিয়ৰ ক্ৰিকেটাৰসকলৰ খেল । ভাৰতীয় ক্ৰিকেটৰ ব্লেজাৰ পিন্ধি দৰ্শকৰ ৰূপত দেখা গল যুৱ খেলুৱৈসকলক । উল্লেখযোগ্য যে ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে যুজঁ দি পঞ্চম বাৰলৈ বিশ্বকাপ জয় কৰিলে ১৯ বছৰ অনূৰ্দ্ধৰ ভাৰতীয় ক্ৰিকেটাৰসকলে । যশ ধুলৰ নেতৃত্বত এই বৃহৎ জয় টীম ইণ্ডিয়াৰ । বুধবাৰে মুখ্য প্ৰশিক্ষক হৃষিকেশ কানিটকাৰৰ সৈতে এইদৰে দেখা গ’ল আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত । কভিড পৰিস্থিতিৰ বাবে জৈৱিক সুৰক্ষা বেহুত থকাৰ বাবে ছিনিয়ৰ ক্ৰিকেটাৰক সাক্ষাৎ কৰা নাই যুৱ খেলুৱৈসকলে । তথাপি অগ্ৰজৰ বেটিং তাণ্ডৱ আৰু বলিঙৰ চুনামিৰ পৰা যেন পাঠ ল’ব বিছাৰিছে যুৱ ক্ৰিকেটাৰসকলে ।
ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ আশা–যশ ধুল , ৰছিদ , নিশান্তৰ দৰে যুৱ খেলুৱৈসকল কোহলি বা ৰোহিতৰ দৰেই ক্ৰিকেট বিশ্বত দুৰ্দান্ত হৈ উঠক । ধাৰাবাহিক জয়ৰে ভাৰত ভূমিক গৌৰৱান্বিত কৰক এইসকল ভাৰতীয় ক্ৰিকেটৰ উত্তৰসুৰীয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments