অলিম্পিয়া প্ৰতিবেদন
আগন্তুক টি-টুৱেন্টি বিশ্বকাপৰ হট ফেভাৰিট ভাৰত। টি-টুৱেন্টিৰ খিতাপ হাতত তুলি লোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা থকা দলটোৱেই হৈছে ভাৰত। এই সম্ভাৱনীয়তা প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইনজামাম উল হকে। তেওঁৰ মতে ইউ এ ইৰ পৰিৱেশত ভাৰতীয় দলটো হৈ উঠিব পাৰে বিপদজনক। অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰস্তুতি মেচখনত ভাৰতৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিয়েই এই মন্তব্য কৰিছে প্ৰাক্তন পাকিস্তানী অধিনায়কগৰাকীয়ে। তেওঁ কৈছে, ‘ উপ মহাদেশৰ পিটছত ভাৰত হৈ পৰিব পাৰে বিপদজনক। আপোনালোকে অষ্ট্ৰেলিয়াৰ বিপক্ষে দলটোৰ প্ৰদৰ্শন দেখিলেই এই কথা অনুমান কৰিব পাৰিব। সেইদিনা অতি অনায়াসে তেওঁলোকে ১৫৩ ৰানৰ লক্ষ্য অতিক্ৰম কৰিলে। বিৰাট কোহলি দলত নাথাকিলেও তেওঁলোকে অনায়াসে লক্ষ্যত উপনীত হ’ব পাৰে।’
তেওঁ লগতে কয় যে, ক্ৰিকেটত জয়-পৰাজয়ৰ কথা ক’ব পৰা নাযায়। কেৱল সম্ভাৱনাৰ কথাহে ক’ব পৰা যায়। কিন্তু মোৰ দৃষ্টিত এইবাৰ ভাৰতৰে সম্ভাৱনা অধিক। বিশেষকৈ এই পৰিৱেশত দলটোৱে যিকোনো দললৈ তীব্ৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। দলটোত ভালেমান অভিজ্ঞ খেলুৱৈৰ সমাহাৰ ঘটিছে। জাদেযা, অস্বিনৰ দৰে দৰে অভিজ্ঞ স্পীনাৰে দলটোক আৰু অধিক শক্তিশালী কৰি তুলিছে।
উল্লেখযোগ্য যে, ভাৰতে পাকিস্তানৰ বিপক্ষে অহা ২৪ অক্টোবৰত টি-টুৱেন্টি বিশ্বকাপৰ প্ৰথমখন মেচত অংশ ল’ব। ইনজামাম উল হকে এই খেলখনক ফাইনেলৰ পূৰ্বৰ ফাইনেল বুলি অভিহিত কৰিছে। মন কৰিবলগীয়া যে, পাকিস্তানে এই পৰ্যন্ত বিশ্বকাপত ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম হোৱা নাই। টি-টুৱেন্টি বিশ্বকাপতো এই পৰ্যন্ত দুয়োটা দলে মুখামুখি হোৱা ৫ খন মেচতে ভাৰতে জয়লাভ কৰিছে।