অলিম্পিয়াৰ প্ৰতিবেদন
এছিয়ান চেম্পিয়নছ ট্ৰফীৰ এক ৰোমাঞ্চকৰ খেলত টীম ইণ্ডিয়াই চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৪-৩ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰিছে। প্ৰতিযোগিতাখনত পাকিস্তানক পৰাস্ত কৰি ভাৰতে ব্ৰঞ্জৰ পদক দখল কৰাৰ লগতে তৃতীয় স্থান লাভ কৰিছে। আনহাতে পাকিস্তানে চতুৰ্থ স্থান লাভ কৰে।
খেলখনত প্ৰথমাৰ্ধৰ পৰা দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হয়। খেলখনৰ তৃতীয় মিনিটত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে তে প্ৰথমটো গ’ল কৰে। পেনাল্টি কৰ্ণাৰত হৰমনপ্ৰীত সিঙে গ’লটো কৰি টীম ইণ্ডিয়াক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে।ইয়াৰ পিছতে পাকিস্তানে প্ৰত্যাৱৰ্তন কৰি ১-১ ত সমতা স্থাপন কৰে।পাকিস্তানৰ হৈ প্ৰথমটো গ’ল কৰে আফাৰাজে। দুয়োটা দলে দ্বিতীয়াৰ্ধত সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰে যদিও এই কোৱাৰ্টাৰত এটাও গ’ল কৰিব নোৱাৰিলে।
খেলখনৰ তৃতীয়াৰ্ধত পাকিস্তানৰ আব্দুল ৰাণাই অতি সহজে দ্বিতীয়টো গ’ল কৰি দলটোক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে। তৃতীয় কোৱাৰ্টাৰ শেষ হোৱাৰ ঠিক আগে আগে ভাৰতেও মেচখনত সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু সময় শেষ হোৱাৰ ঠিক আগতে সুমিতে এটা গ’ল কৰি পাকিস্তানৰ হাতৰ পৰা ভাৰতৰ হাতলৈ মেচখন ঘূৰাই আনিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে দুয়োটা দলৰ স্ক’ৰ ৩-৩ হয়।খেলখনৰ অন্তিমাৰ্ধত খেল শেষ হোৱাৰ আগে আগে ভাৰতে তৃতীয়টো গ’ল কৰে।ভাৰতৰ বৰুণ কুমাৰে পেনাল্টি কৰ্ণাৰৰ সুবিধা লৈ তৃতীয়টো গ’ল কৰে। আনহাতে অক্ষয়দীপ সিঙে ভাৰতৰ হৈ চতুৰ্থটো গ’ল কৰি ভাৰতৰ বিজয় নিশ্চিত কৰে।
গোটেই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। তেওঁ ৬ খন খেলত মুঠ ৮ টা গ’ল কৰিবলৈ সক্ষম হয়। আনহাতে দিলপ্ৰীত সিঙে ৫ টা, অক্ষদীপ সিং আৰু ললিত উপাধ্যায়ে দুটাকৈ গ’ল কৰে। মঙলবাৰে প্ৰতিযোগিতাখনৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ কোৰিয়াই এক ৰোমাঞ্চকৰ খেলত পাকিস্তানক ৬-৫ গ’লত পৰাস্ত কৰিছিল। আনহাতে টীম ইণ্ডিয়া জাপানৰ বিৰুদ্ধে ৫-৩ ব্যৱধানত পৰাজিত হৈছিল।
প্ৰতিযোগিতাখনৰ লীগ ৰাউণ্ডত ভাৰত আৰু পাকিস্তান মুখামুখি হৈছিল। য’ত টীম ইণ্ডিয়াই সুন্দৰ খেল খেলি পাকিস্তানক ৩-১ গ’লত পৰাস্ত কৰিছিল। খেলখনৰ প্ৰথম আৰু চতুৰ্থ কোৱাৰ্টাৰত হৰমনপ্ৰীত সিঙে ভাৰতৰ হৈ দুটা গ’ল কৰিছিল।তেওঁক মেন অৱ দ্য মেচ হিচাপেও মনোনীত কৰা হৈছিল। হৰমনপ্ৰীতৰ উপৰিও আকাশদীপ সিঙে এটা গ’ল কৰিছিল। পাকিস্তানৰ হৈ জুনেইদ মঞ্জুৰে একমাত্ৰ গ’লটো কৰিছিল।
উল্লেখ্য যে এইবাৰ ভাৰত আৰু পাকিস্তানে এছিয়ান ট্ৰফীৰ ফাইনেলত স্থান হেৰুৱালেও দুয়োটা দলে মুঠ ৩ বাৰকৈ চেম্পিয়ন হৈছিল।