Monday, October 3, 2022
HomeNewsযদি ৰাইডুক দলত স্থান দিলে হয় ভাৰতে ২০১৯বিশ্বকাপ দখল কৰিব পাৰিলে হয়...

যদি ৰাইডুক দলত স্থান দিলে হয় ভাৰতে ২০১৯বিশ্বকাপ দখল কৰিব পাৰিলে হয় :সুৰেশ ৰাইনা

অলিম্পিয়া প্ৰতিবেদন

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ষ্টাইলিচ বেটছমেন সুৰেশ ৰাইনাৰ মতে এগৰাকী বিশেষ ক্ৰিকেটাৰক যদি ২০১৯ বিশ্বকাপ দলত স্থান দিলে হয় তেন্তে ভাৰতে নিশ্চিতৰূপে বিশ্বকাপ ট্ৰফী দখল কৰিব পাৰিলে হয়। ৰাইনাই ক’ব বিচৰা এই বিশেষ ক্ৰিকেটাৰগৰাকী আন কোনো নহয়, তেওঁ হৈছে আম্বাতি ৰায়ডু। এইগৰাকী ক্ৰিকেটাৰেই যোগ্যতা থকাৰ পিছতো বিশ্বকাপৰ বাবে গঠিত ভাৰতীয় দলত স্থান লাভ নকৰাৰ বাবে ক্ষোভিত হৈ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

ক্ৰিকবাজৰ আগত ৰাইনাই উল্লেখ কৰা অনুসৰি ২০১৯ বিশ্বকাপত ভাৰতীয় দলত আম্বাতি ৰায়ডু থকা হ’লে ভাৰতে খিতাপ দখল কৰিবলৈ সক্ষম হ’ল হয়।

ৰাইনাৰ মতে তেওঁ আশা কৰিছিল, ৰায়ডু ভাৰতৰ বেটিং ক্ৰমৰ চাৰি নং স্থানৰ বেটেছমেন হিচাপে থাকক, কিয়নো তেওঁ যথেষ্ট কষ্ট কৰিছিল। ইয়াৰ পিছতো তেওঁক ভাৰতীয় দলত স্থান নিদিলে। ময়ো ২০১৮ চনৰ ইংলেণ্ড ভ্ৰমণৰ মজা লবলৈ নোৱাৰিলোঁ। কিয়নো ৰাইডু ফিটনেছ টেষ্টত বিফল হোৱাত পৰিৱেশ গোমা হৈ পৰিছিল। মোৰ ভাল লাগি থকা নাছিল কিয়নো মোক তেওঁৰ স্থানত নিৰ্বাচিত কৰা হৈছিল।

ইয়াৰ উপৰিও ৰাইনাই কয় যে, ৰাইডুৱে চাৰি নং স্থানত ভাল খেলি আছিল আৰু তেওঁ বিশ্বকাপ স্কোৱাডৰ সদস্য হোৱা হ’লে টীম ইণ্ডিয়াই বিশ্বকাপ দখল কৰিবলৈ সক্ষম হ’ল হয়। ৰাইডু টীম মেনেজমেণ্টৰ বাবে চাৰি নং স্থানৰ আটাইতকৈ ভাল বিকল্প আছিল। কিয়নো আই পি এলটো তেওঁ চেন্নাইৰ হৈ চাৰি নং স্থানত ভাল খেলিছিল।

ভাৰতীয় দলত স্থান লাভ নকৰাৰ ক্ষোভত বিশ্বকাপৰ সময়ত ৰাইডুৱে অৱসৰ ঘোষণা কৰিছিল। কিয়নো তেওঁৰ স্থানত নিৰ্বাচকে বিজয় শংকৰক ভাৰতীয় দলত স্থান লাভ কৰিছিল। কিন্তু পৰিসংখ্যা অনুসৰি বিজয় শংকৰতকৈ ৰাইডু অধিক সফল আছিল। বিজয় শংকৰক দলত স্থান দিয়াৰ প্ৰসংগত নিৰ্বাচক এম এচ কে প্ৰসাদে কৈছিল যে এগৰাকী 3D অৰ্থাৎ বেটিং, বলিং আৰু ফিল্ডিংত সফল ক্ৰিকেটাৰক দলত স্থান দিয়া হৈছিল। নিৰ্বাচকৰ এই মন্তব্যৰ পিছতে ৰাইডুৱে কৈছিল বিশ্বকাপ চাবলৈ মই 3D গ্লাছ ক্ৰয় কৰিছোঁ।

উল্লেখ্য যে বিশ্বকাপৰ সময়তেই আঘাতৰ সন্মুখীন হোৱা অপেনাৰ শিখৰ ধাৱান আৰু বিতৰ্কৰ সূত্ৰপাত ঘটা বিজয় শংকৰ দলৰ পৰা বাহিৰ হোৱাত সকলোৱে আশা কৰিছিল যে নিৰ্বাচকে ৰাইডুক দলত স্থান দিব। কিন্তু আম্বাতি ৰাইডুক আওকাণ কৰি নিৰ্বাচকে ঋষভ পণ্টক হে দলত স্থান দিছিল। কিন্তু পণ্টেও চাৰি নং স্থানত উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাছিল। মনকৰিবলগীয়া যে ২০১৯চনৰ বিশ্বকাপত ভাৰতীয় দলৰ বাবে চাৰি নং স্থানক লৈয়ে দল বিপদত পৰিছিল। এই স্থানৰ এজন উপযুক্ত বেটছমেনৰ অভাৱে ভাৰতক দুৰ্বল কৰি তুলিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments