অলিম্পিক প্ৰস্তুতিত কৰ’না ভাইৰাছে পুনৰ বাধা প্ৰদান কৰিছে। এইবাৰ পুনেত চলি থকা ৰাষ্ট্ৰীয় আৰ্চাৰী কেম্পত সংঘটিত হৈছে কৰ’নাৰ সংক্ৰমণ। অৱশ্যে কৰ’নাৰ সংক্ৰমণ হ’লেও স্প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়াই কেম্পত প্ৰস্তুতি বন্ধ কৰাৰ পৰিবৰ্তে জাৰি ৰাখিছে।
অলিম্পিক প্ৰস্তুতিৰ বাবে পুনেৰ নেচনেল কেম্পত অনুশীলন চলাই থকা মহিলা আৰ্চাৰ হিমানী মালিকৰ দেহত প্ৰথমে কৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পিছত পুনৰ কপিলৰ দেহত ধৰা পৰিছে কৰ’না।
মন কৰিবলগীয়া যে কপিলে ১৮ দিনৰ ছুটিত গৈছিল। ইয়াৰ পিছত পুনৰ কেম্পত যোগদান কৰিবলৈ অহাৰ সময়ত তেওঁৰ RT-PCR কৰ’না টেষ্ট কৰা হয়। ইয়াত তেওঁৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে। অৱশ্যে তেওঁ কেম্পৰ অন্যান্য খেলুৱৈৰ সংস্পৰ্শলৈ অহা নাছিল।
উল্লেখ্য যে পুনেৰ নেচনেল কেম্পত দিপীকা কুমাৰ, অটনু দাস সহিতে ১২ গৰাকী পুৰুষ আৰু ১২ গৰাকী মহিলা আৰ্চাৰে অলিম্পিক প্ৰস্তুতিত ভাগ লৈছে। এই খেলুৱৈসকলৰ মাজত ৬ ৰাউণ্ডৰ ট্ৰায়েল হ’ব। ইয়াৰ পিছত পইণ্টৰ আধাৰত টপ প্লেয়াৰে টকিঅ’ত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।