Wednesday, July 6, 2022
HomeNewsদুটা বলত হেট্ৰিক অর্জন কৰা ভাৰতীয় বলাৰজন

দুটা বলত হেট্ৰিক অর্জন কৰা ভাৰতীয় বলাৰজন

অলিম্পিয়া বিশেষ প্ৰতিবেদন

নিতৌ বহু অভিলেখৰ ভঙা-গঢ়া দেখিবলৈ পোৱা যায় ক্ৰিকেটৰ পথাৰত। এটাতকৈ আনটো চৰা। কিন্তু ইয়াৰ মাজতে কেতিয়াবা এনে কিছুমান অভিলেখ লিখা হয়, যিবোৰ বিশ্বাস কৰিবলৈও টান হয়। কিছুমান অভিলেখৰ কথা শুনিলে চকু কপালত উঠে। অদ্ভুত- অভূতপূৰ্ব!! আজি আমি তেনে এক অভিলেখৰ কথাই ক’বলৈ ওলাইছোঁ। শুনিলে আপুনিও আচৰিত হ’ব।

ক’ব ওলাইছো ভাৰতৰ স্পীনাৰ প্ৰবীণ তাম্বেৰ কথা। এইগৰাকী স্পীনাৰে সেই ঐতিহাসিক অভলিখে স্থাপন কৰিছিল ২০১৪ চনৰ আই পি এলৰ সপ্তম সংস্কৰণৰ খেলত। সেই সময়ত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল এইগৰাকী লেগ স্পীনাৰে।

মেছখন অনুষ্ঠিত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছৰ বিপক্ষে। মেছখনত ১৭১ ৰানৰ লক্ষ্য আগত লৈ কলকাতাই সুন্দৰ আৰম্ভণি ঘটাই প্ৰথম উইকেটৰ যুটীত সংগ্ৰহ কৰিছিল এশৰো অধিক ৰান। কিন্তু, তাৰ পিছতে বিপৰ্যয় নামি আহে কলকাতা দলটোলৈ। জিকিবলৈ ৫০ ৰান বাকী থকা অৱস্থাত শেষৰ ফালে কেৱল দুই ৰানৰ বিনিময়ত দলটোৱে হেৰুৱাই ৬ টাকৈ উইকেট। ১৬ নম্বৰ অভাৰত বল কৰিবলৈ আহে প্ৰবীণ তাম্বে। তেওঁৰ অভাৰৰ প্ৰথমটো বলেই আছিল ৱাইড। সেই বলটোত উইকেটৰক্ষক সঞ্জু চেমছনে মনিষ পাণ্ডেক ষ্টাম্পিং কৰি পেভিলিয়নৰ বাট দেখুৱায়। উইকেটটো প্ৰবীণ তাম্বেই লাভ কৰিছিল যদিও তেওঁৰ অভাৰৰ এটাও বল খৰছ হোৱা নাছিল তেতিয়ালৈ। কিয়নো উক্ত বলটো আছিল ৱাইড। ঠিক তাৰ পিছতে ক্ৰমে ইউচুফ পাঠান আৰু ৰায়ন টেন ড’জষাতেৰ উইকেট দখল কৰি হেট্ৰিক অর্জন কৰে প্ৰবীণ তাম্বেই। ইয়াৰ লগে লগে এনেদৰে দুটা বলত তিনিটাকৈ উইকেট লাভ কৰা দ্বিতীয়গৰাকী বলাৰত পৰিণত হয়। ইয়াৰ আগেয়ে শ্ৰীলংকাৰ ইছোৰা উডানাই এই সাফল্য লাভ কৰিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments