Wednesday, July 6, 2022
HomeNewsসলনি হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক; নতুন প্ৰশিক্ষকৰ দৌৰত কোন ?

সলনি হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক; নতুন প্ৰশিক্ষকৰ দৌৰত কোন ?

অলিম্পিয়া প্রতিবেদন

মাজত মাথোঁ কেইটামান মাহ। তাৰ পিছতেই অন্ত পৰিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল। টি-টুৱেন্টি বিশ্বকাপৰ পিছতেই ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগতে বলিং প্ৰশিক্ষক ভাৰত অৰুণ আৰু ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰী ধৰৰ কাৰ্যকালো অন্ত পৰিব। তাৰ পিছতেই অহা নৱেম্বৰ-ডিচেম্বৰ মাহত নিযুক্তি দিয়া হ’ব ভাৰতীয় দলৰ নতুন প্ৰশিক্ষকক। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আইয়ে সেয়ে নতুন প্ৰশিক্ষকৰ সন্ধানত নামি পৰিছে।

ইতিমধ্যে বোৰ্ডৰ প্ৰতিনিধিয়ে ভাৰতৰ কেইবাগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে আলোচনাত মিলিত হৈছে। বি চি চি আইয়ে কথা পতা এইসকল প্ৰাক্তন ক্ৰিকেটাৰৰ ভিতৰত প্ৰথমেই নাম উচ্চাৰিত হৈছে অনিল কুম্বলেৰ। তেওঁৰ লগতে ভি ভি এছ লক্ষ্মণৰ নামো চৰ্চাত আছে।

উল্লেখযোগ্য যে, অনিল কুম্বলেক ইয়াৰ পূৰ্বতেও ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও ভাৰতীয় অধিনায়ক বিৰাট কোহলিৰে ঘটা মনোমানিল্যৰ বাবে তেওঁ আধাতে এই পদ ত্যাগ কৰিছিল। বিৰাট কোহলিয়ে অনাগত সময়ত ভাৰতীয় টি-টুৱেন্টি দলৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই পুনৰ অনিল কুম্বলেক প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ কৰিব খোজা কথাই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments