Friday, September 30, 2022
HomeNewsঅষ্ট্ৰেলিয়ান ক্ৰিকেট দলত স্থান লাভ এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ

অষ্ট্ৰেলিয়ান ক্ৰিকেট দলত স্থান লাভ এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ

অলিম্পিয়া প্ৰতিবেদন

অষ্ট্ৰেলিয়ান ক্ৰিকেট দলত স্থান লাভ কৰিলে এগৰাকী ভাৰতীয় খেলুৱৈয়ে। অষ্ট্ৰেলিয়াৰ টি টুৱেন্টি দলত স্থান লাভ কৰিলে ভাৰতৰ টনভীৰ চাংঘাই। উল্লেখযোগ্য যে টনভীৰে ইতিপূৰ্বে অষ্ট্ৰেলিয়াৰ অনুর্ধ ১৯ বছৰীয়া দলতো স্থান লাভ কৰিছিল। ২০১৯ৰ অনুর্ধ ১৯ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ হৈ উজলি উঠিছিল ভাৰতীয় মূলৰ টনভীৰ। প্ৰতিযোগিতাখনত উদীয়মান বলাৰগৰাকীয়ে অষ্ট্ৰেলিয়াৰ হৈ ১৫ টাকৈ উইকেট দখল কৰিছিল।

চলিত অষ্ট্ৰেলিয়া-নিউজিলেণ্ড পাঁচ খনীয়া টি-টুৱেন্টি চিৰিজৰ মূল একাদশত স্থান লাভ কৰে ভাৰতীয় মূলৰ এইগৰাকী লেগ স্পীনাৰে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত সম্পন্ন হোৱা বিগ বেছ ক্ৰিকেট লীগত ২১ টাকৈ উইকেট দখল কৰি পুনৰ ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰে টনভীৰে। বিগ বেছত ছিডনী ঠাণ্ডাৰক প্ৰতিনিধিত্ব কৰিছিল উদীয়মান স্পীনাৰগৰাকীয়ে। বিগ বেছত লাভ কৰা অপাৰ সফলতাই সুযোগৰ চৰম আকাংক্ষিত দুৱাৰখন মুকলি কৰি দিয়ে টনভীৰৰ বাবে।

উল্লেখযোগ্য যে, ১৯৯৭ চনত টনভীৰৰ পিতৃ মাতৃয়ে জলন্ধৰৰ পৰা অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰিছিল। সংস্থাপৰ বাবে অষ্ট্ৰেলিয়ালৈ উৰা মৰা টনভীৰৰ পিতৃয়ে প্ৰথমে এখন ফাৰ্মত কাম কৰিছিল। বৰ্তমান তেওঁৰ পিতৃ এগৰাকী অটোচালক। ছিডনীতেই জন্মলাভ কৰা টনভীৰে সৰুৰে পৰাই ক্ৰিকেট খেলিবলৈ লয়। কঠোৰ পৰিশ্ৰম আৰু প্ৰচণ্ড আত্মবিশ্বাসৰ বলতে অৱশেষত টনভীৰে স্থান লাভ কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়াৰ জাতীয় দলত।

উল্লেখযোগ্য যে,টনভীৰৰ পূৰ্বেও ভাৰতীয় মূলৰ গুৰিন্দৰ সান্ধুই ২০১৫ চনত মেলবৰ্ণত অষ্ট্ৰেলিয়া দলৰ হৈ খেলিছিল। ইয়াৰ বাহিৰেও অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ষ্টুৱাৰ্ট ক্লাৰ্ক, ব্ৰেণচিব কুপাৰৰ জন্ম হৈছিল ভাৰততে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments