অলিম্পিয়া প্রতিবেদন
টকিঅ’ত পুনৰ স্বপ্নভংগ ভাৰতীয় পুৰুষ হকী দলৰ। অন্ত নপৰিল ৪১ বছৰীয়া দীঘলীয়া প্ৰতীক্ষাৰ। স্বৰ্ণ জয়ৰ সেই আকাংক্ষিত মুহূৰ্তৰ বাবে ভাৰতবাসীয়ে আকৌ বাট চাব লাগিব ২০২৪ৰ পেৰিচ অলিম্পিকলৈ। মঙ্গলবাৰে অনুষ্ঠিত পুৰুষ হকীৰ ছেমিফাইনেলত বেলজিয়ামৰ হাতত ৫-২ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতেই ভাৰতৰ স্বৰ্ণ জয়ৰ আশা নিৰ্বাপিত হয়। অৱশ্যে পৰাস্ত হ’লেও ভাৰতৰ বাবে ব্ৰঞ্জৰ আশা এতিয়াও সজীৱ হৈ আছে। ব্ৰঞ্জৰ বাবে ভাৰতীয় দলটোৱে পুনৰ ৫ আগষ্টত যুঁজত নামিব লাগিব। ভাৰতৰ প্ৰতিপক্ষত থাকিব দ্বিতীয়খন ছেমিফাইনেলত পৰাজিত হোৱা জাৰ্মানী। দ্বিতীয়খন ছেমিফাইনেলত জাৰ্মানী অষ্ট্ৰেলিয়াৰ হাতত ১-৩ ব্যৱধানত পৰাস্ত হয়।
উল্লেখযোগ্য যে ভাৰতক ছেমি ফাইনেলত পৰাস্ত কৰা বেলজিয়ামে এই পৰ্যন্ত অলিম্পিকত স্বৰ্ণ জয় কৰিব পৰা নাই। তাৰ বিপৰীতে পুৰুষ হকীৰ ক্ষেত্ৰত ভাৰতৰ আছে এক স্বৰ্ণিল ইতিহাস। ক্রীড়াৰ মেগা ইভেণ্টখনত ভাৰতে এই পৰ্যন্ত ৮ বাৰকৈ স্বৰ্ণ আজুৰি আনিবলৈ সক্ষম হৈছে যদিও যোৱা প্ৰায় চাৰি দশকজুৰি ভাৰতীয় পুৰুষ হকী দলৰ প্ৰদৰ্শন আশাপ্ৰদ বিবেচিত হোৱা নাই।