Tuesday, October 4, 2022
HomeNewsপেৰালিম্পিকলৈ ৰাওনা ভাৰতীয় পেৰা এথলেটিকছৰ দল

পেৰালিম্পিকলৈ ৰাওনা ভাৰতীয় পেৰা এথলেটিকছৰ দল

অলিম্পিয়া প্ৰতিবেদন

বিশ্বৰ অন্য এক ক্ৰীড়াৰ মহাৰণ পেৰালিম্পিকলৈ মাজত মাত্র চাৰিটা দিন বাকী।কেইটামান দিনৰ পাছতেই টকিঅ’ত শুভাৰম্ভণি ঘটিব পেৰালিম্পিক ২০২০ৰ।পুনৰ টকিঅ’ৰ পেৰালিম্পিক পৰিণত হ’ব ক্ৰীড়াৰ মহামিলন ক্ষেত্রলৈ। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈ সকল টকিঅ’ অভিমুখে ৰাওনা হৈছে। উল্লেখযোগ্য যে, ভাৰতৰ পৰা এইবাৰৰ পেৰালিম্পিকত ৫৪গৰাকী খেলুৱৈয়ে ৯ টাকৈ শিতানত অংশগ্ৰহণ কৰিব।ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আজি পৰ্য্যন্ত ভাৰতৰ পৰা দুটাকৈ পেৰা অলিম্পিয়ান দলে টকিঅ অভিমুখে ৰাওনা হৈছে। ইয়াৰে, মঙলবাৰে ভাৰতৰ প্ৰথমটো এথলেটিকছৰ দলে টকিঅ’ অভিমুখে যাত্ৰা কৰিলে। এই দলটোত আছিল মাৰিয়াপ্পান থাংগাভেলু,বিনোদ কুমাৰ,টেক চান্দ।
দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পেৰালিম্পিকলৈ বুলি যাত্রা কৰিলে প্ৰথমটো ভাৰতীয় এথলেটিকছৰ দলে।
ভাৰতৰ পৰা বিদায়ৰ প্ৰাকমুহুৰ্তত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কৰ্মকতা আৰু ভাৰতীয় পেৰালিম্পিক সন্থাৰ অধ্যক্ষ দিপা মালিকে বিমানবন্দৰত দলটোক জনালে শুভেচ্ছা। আনহাতে, বুধবাৰৰ দিনটোত দ্বিতীয়টো দলে দিল্লী বিমানবন্দৰৰ পৰা যাত্রা কৰিলে পেৰালিম্পিকৰ বাবে। দ্বিতীয়টো এথলেটিকছৰ দলত আছিল ভাৱিনা পেটেল আৰু সোনালবেন পেটেল ।
এনেদৰে এতিয়া ইজনৰ পিছত সিজন পেৰা খেলুৱৈ পেৰালিম্পিকলৈ ৰাওনা হৈছে। ইতিমধ্যে, কেইদিনমানৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পেৰা খেলুৱৈসকলক উৎসাহিত কৰিবলৈ ভিডিঅ’ কনফাৰেঞ্চ যোগে এক বাৰ্তালাপত মিলিত হৈছিল।তেওঁ পেৰালিম্পিকৰ ভাৰতীয় খেলুৱৈসকলক জনাইছে অযুত শুভকামনা।এতিয়া ভাৰতবাসীৰ আশা, টকিঅ অলিম্পিকৰ দৰেই পেৰালিম্পিকতো ভাৰতে দেখুৱাওক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰৰ্দশন ।স্বৰ্ণ, ৰূপ, ব্ৰঞ্জৰ পদকেৰে পুনৰ ভাৰতক জ্যোতিষ্মান কৰক বিশ্বৰ দৰবাৰত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments